Tortoise recovered in Nagaon: দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰি যুৱকে এৰি দিলে কলঙত

🎬 Watch Now: Feature Video

thumbnail

ৰহা, ১৫ অক্টোবৰ: নগাঁও জিলাৰ ৰহাৰ পূব শালমৰাত উদ্ধাৰ হৈছে এটি দুষ্প্ৰাপ্য কাছ । পূব শালমৰাৰ স্থানীয় যুৱক দীনেশ দাসে উদ্ধাৰ কৰে এই  দুষ্প্ৰাপ্য কাছটো । দীনেশ দাসে দেওবাৰে ৰহা বজাৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথৰ কাষতে প্ৰত্যক্ষ কৰে দুষ্প্ৰাপ্য কাছটো । অন্য় লোকৰ হাতত পৰাৰ আগতেই তেওঁ এই দুষ্প্ৰাপ্য কাছটো এটা পাত্ৰত ধৰি ৰাখি উপযুক্ত ঠাইত এৰি দিয়াৰ পৰিকল্পনা কৰে ।  

ইয়াৰ পিচত স্থানীয় আন দুজন যুৱক ক্ৰমে ৰাজেশ দাস আৰু পংকজ দাসৰ সহযোগত দীনেশে দুষ্প্ৰাপ্য কাছটো উদ্ধাৰ কৰি ৰহাৰ পুৰণা দলঙৰ তলত কলঙত এৰি দিয়ে । উল্লেখ্য যি সময়ত একাংশই বন্য জীৱ-জন্তু হত্যা কৰি বন্য উল্লাস কৰাৰ লগতে মাংস ভক্ষণ কৰি আহিছে তেনে সময়তে এই যুৱকজনে প্ৰদৰ্শন কৰিলে প্ৰকৃতিপ্ৰেমৰ অন্য এক নিদৰ্শন । যুৱকজনৰ এই কাৰ্যক সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়ক:State Anthem in Gamosa: ফুলাম গামোচাত জিলিকিল অসমৰ জাতীয় সংগীত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.