যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ - Nagaon dead body rescued
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-12-2023/640-480-20329349-thumbnail-16x9-biswa.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 22, 2023, 10:29 AM IST
নগাঁও, 22 ডিচেম্বৰ : নগাঁৱৰ ৰূপহীহাটৰ ৰৌমাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ উদ্বাৰ হোৱা মৃতদেহটো লাওগাঁৱৰ চুবেদ আলীৰ বুলি চিনাক্ত কৰা হৈছে। বুধবাৰে নিশাই লাওগাঁৱৰ হক উপাধিৰ এজন লোকৰ সৈতে ঘৰৰ পৰা যাত্ৰা চাবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিচত নিৰুদ্দেশ হৈ আছিল চুবেদ আলী ৷
তাৰ পিচতেই বৃহস্পতিবাৰে সন্ধিয়া চুবেদ আলীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে। চুবেদৰ ৰহস্যজনক মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে। চুবেদক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰি তদন্তৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
ইফালে, নিশা চুবেদ আলীক ঘৰৰ পৰা মাতি নিয়া যুৱকজনো বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । এই ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
বৃহস্পতিবাৰে সন্ধিয়াই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্থানীয় আৰক্ষীয়ে।
লগতে পঢ়ক: শৌচাগাৰত স্কুল বাছ চালকৰ মৃতদেহ উদ্ধাৰ