Youth missing: কৰ্মসংস্থাপনৰ বাবে টাৱাঙলৈ গৈ নিৰুদ্দিষ্ট নাৰায়ণপুৰৰ যুৱক - টাৱাঙলৈ গৈ নিৰুদ্দিষ্ট নাৰায়ণপুৰৰ যুৱক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-10-2023/640-480-19738177-thumbnail-16x9-ran.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 11, 2023, 2:30 PM IST
বিহপুৰীয়া, 11 অক্টোবৰ : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নিৰুদ্দেশ অসমৰ যুৱক । যোৱা 8 অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভৰতপুৰ গাঁৱৰ অৰূপ গগৈ নামৰ এজন যুৱক। পৰিয়াল পোহপাল দিয়াৰ তাড়নাত কৰ্মসংস্থাপনৰ বাবে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ গৈছিল যুৱকজন ।
টাৱাঙৰ টাটা পাৱাৰ প্ৰজেক্টত চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিবলৈ যোৱা ২ অক্টোবৰত দুজন লগৰীয়াৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন । তাৰ পিচৰে পৰা বৰ্তমানলৈ নিৰুদ্দেশ হৈ আছে অৰূপ। ইয়াকে লৈ এতিয়া ঘৰখনত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ৷
এটি 8 বছৰীয়া কণমানি আৰু পত্নী সহিতে জীৱন যাপন কৰা যুৱকজন এগৰাকী জনপ্ৰিয় সংস্কৃতিক কৰ্মীও আছিল । ৰঙালী বিহুৰ সময়ত অসম চৰকাৰে অনুষ্ঠিত কৰা বিহু বিশ্বৰেকৰ্ডত ঢোল বজোৱাৰ উপৰি ঢোল সম্ৰাট সোমনাথ বড়াৰ লগতো এটা সময়ত সহযোগী ঢুলীয়া হিচাপে আছিল যুৱকজন । কেৱল আৰ্থিক দুৰৱস্থাৰ বাবেই এইদৰে বহিঃৰাজ্যলৈ গৈ সম্প্ৰতি নিৰুদ্দেশ হৈ আছিল যুৱকজন । চৰকাৰ তথা প্ৰশাসনক যুৱকজনক উদ্ধাৰৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।
লগতে পঢ়ক: Naked women body recovered: চিপ লৈ থকা অৱস্থাত মহিলাৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ