Youth Missing: PUBG গেমৰ বাবে প্ৰাণ গ’ল নেকি খঞ্জয়ৰ ?

By

Published : Aug 11, 2023, 7:40 PM IST

thumbnail

বৰপেটা, ১১ আগষ্ট:  ঘাতকৰ ৰূপত অনলাইন ভিডিঅ’ গেম PUBG ৷ PUBG ৰ বাবেই নিৰুদ্দিষ্ট বৰপেটাৰ এজন ২৩ বছৰীয়া যুৱক ৷ যুৱকজনে শৰাইঘাটৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ সন্দেহ আৰক্ষীৰ ৷ কিন্তু এতিয়ালৈ মৃতদেহ উদ্ধাৰ নোহোৱাৰ বাবেই পৰিয়ালে মানি ল’ব পৰা নাই পুত্ৰৰ আত্মহত্যাৰ ঘটনা ৷ যুৱকজনৰ নাম খঞ্জয় কুমাৰ দাস বুলি জানিব পৰা গৈছে ৷ 

জানিব পৰামতে মঙলবাৰে পুৱা হাউলী চহৰলৈ ওলাই গৈছিল যুৱকজন ৷ তাৰ পিচৰে পৰা যুৱকজন নিখোঁজ হৈ আছে ৷ পৰৱৰ্তী সময়ত যুৱকজনৰ বেগ শৰাইঘাট দলঙত উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জনোৱাৰ পিচতে পৰিয়ালটোৰ মাজতে সৃষ্টি হৈছে হাহাকাৰ ৷ 

পৰিয়ালৰ মত অনুসৰি, দিনৰ দিনটো PUBGত ব্যস্ত থাকে যুৱকজন ৷ পুৱতি নিশা ৪ /৫ বজালৈকে যুৱকজনে PUBG খেলে ৷ তাৰ পিচত দুপৰীয়া শুই উঠিও পুনৰ PUBG ত ব্যস্ত হৈ পৰে যুৱকজন  ৷ অনলাইন খেলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে পিতৃজনে ৷ এই ঘটনাৰ পিচতে পিতৃয়ে যুৱকজনক উদ্ধাৰৰ বাবে আৰক্ষীক অনুৰোধ জনাইছে ৷ 

লগতে পঢ়ক: Illegal saw mill seized: অবৈধ কাঠৰ মিলসহ কাঠৰ কুন্দা জব্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.