thumbnail

By

Published : Aug 18, 2023, 5:56 PM IST

ETV Bharat / Videos

Youth Missing at Bihpuria : বিহপুৰীয়াত যুৱক নিৰুদ্দেশ

বিহপুৰীয়া, 18 আগষ্ট : বিহপুৰীয়াত এজন যুৱক নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম আমিৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ পুৱা দহ বজাৰ পৰা যুৱকজন নিৰুদ্দেশ হৈ থকাৰ ঘটনাকলৈ তীব্ৰ চাঞ্চল্য বিহপুৰীয়াত ৷

জানিব পৰা মতে পুৱাতে বিহপুৰীয়ালৈ বুলি বেটেৰী ৰিক্সা লৈ ওলাই আহিছিল আমিৰ হুছেইন ৷ ভাড়ামাৰি বিহপুৰীয়াৰ চিচাপথাৰ দলঙৰ কাষতে টমটমখন ৰাখি কিছুসময় অজ্ঞাত ব্যক্তিৰ লগত কথা পাতিছিল আমিৰে ৷ ইয়াৰ পিছতে আমিৰ হুছেইন এই স্থানৰ পৰা নিৰুদ্দেশ হয় ৷

স্থানীয় লোকে বহুসময় ধৰি দলঙৰ কাষত বেটেৰী ৰিক্সাখন দেখি সন্দেহ হোৱাত পৰিয়ালৰ লোকক খবৰ দিয়ে ৷ বিয়লি এই স্থানত স্থানীয় লোক উপস্থিত হৈ আমিৰ হুছেইনৰ সন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও আমিৰৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Women trafficking: মৰাণত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ; স্থানীয় মহিলাক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.