Youth dead body recovered: ধেমাজিত ১৬ বছৰীয়া কিশোৰৰ সলিল সমাধি - Youth dead body recovered
🎬 Watch Now: Feature Video
ধেমাজি,৩ জুন: ধেমাজি বঙালমাৰী ঘাটত অঘটন ৷ সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন ১৬ বছৰীয়া কিশোৰৰ ৷ জানিব পৰা মতে ছয়জন বন্ধুৰ সৈতে ধেমাজি নগৰৰ পৰা প্ৰায় ৬ কি:মি: নিলগৰ বঙালমাৰী ঘাটত গা ধুবলৈ আহি সলিল সমাধি ঘটে ধেমাজি নগাখেলিয়াৰ ১৬ বছৰীয়া বিদ্যুৎ দত্ত নামৰ কিশোৰগৰাকীৰ (Youth drowning at Bangalmari in Dhemaji) ৷
কিশোৰগৰাকীয়ে পানীত সাঁতুৰিবলৈ গৈ সন্ধানহীন হৈ পৰাৰ খবৰ সতীৰ্থসকলে অৱগত কৰাত মুহুৰ্ততে হুৱা-দুৱা লাগে পৰিয়ালৰ মাজত । খবৰ লাভ কৰি ততাতৈয়াকৈ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে তাক্ষৎনিক অভিযান চলাই বঙালমাৰী ঘাটত ৷ কিছু সময় জৰুৰীকালীন নাৱেৰে পানীত অনুসন্ধান কৰাৰ পিছত কিশোৰজনৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Youth dead body recovered) ৷
কিশোৰজন ধেমাজি পাব্লিক একাডেমীৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য শুকুৰবাৰে ধেমাজি চেঙেলী পামত এটি ডেৰ বছৰীয়া শিশুৱে পানীত পৰি কৰুণভাৱে মৃত্যুক আকোঁৱালি লোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাই সমগ্ৰ অঞ্চলতে এতিয়া এক গভীৰ শোকৰ ছাঁ পেলাইছে ।
লগতে পঢ়ক: Heatwave hits Assam: উৎকট গৰমৰ বাবে গুৱাহাটীত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি