thumbnail

By

Published : Mar 9, 2023, 11:42 AM IST

ETV Bharat / Videos

Tragic incident during Holi: হোলীৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত যুৱকৰ সলিল সমাধি

ৰঙিয়া, 9 মাৰ্চ: হোলীৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত অঘটন (Tragic incident during Holi) । ৰঙিয়া কৰাৰাৰ বৰলীয়া নৈত পৰি সলিল সমাধি ঘটিল এজন যুৱকৰ (Youth drowned in Baralia river) । ৰঙিয়াৰ বুনাসত্ৰৰ কেন্দুগুৰি পোৰাঢাপ ক্ষেত্ৰত অনুষ্ঠিত দৌল মহোৎসৱত অংশগ্ৰহণ কৰি ঘূৰি আহি আবেলিৰ ভাগত বৰলীয়া নৈত গা ধুবলৈ গৈছিল ৰঙিয়াৰ বিছেন্নালাৰ হিৰকজ্যোতি কলিতাই (২৪) । গা ধুবলৈ যোৱাটোৱে কাল হ'ল হিৰকজ্যোতিৰ বাবে । বৰলীয়া নৈত পিছলি পৰি সন্ধানহীন হৈ পৰে যুৱকজন ।

নৈত বহু সময় ধৰি বিচাৰ খোচাৰ কৰাৰ অন্তত অৱশেষত সন্ধিয়াৰ ভাগলৈ উদ্ধাৰ হয় হিৰকজ্যোতিৰ মৃতদেহ । আৰক্ষীয়ে ইতিমধ্যে মৃত যুৱকজনৰ মৃতদেহটো চমজি লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । এই মৰ্মান্তিক ঘটনাৰ কথা বিয়পি পৰাৰ পাছতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে ।

আনহাতে হোলী উপলক্ষ্যে ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বুনা সত্ৰৰ ৬৪ তম দৌলযাত্ৰা মহোৎসৱটি আয়োজন কৰা হৈছিল (Holi in Rangia) ৷ কিন্তু এই দৌলযাত্ৰা মহোৎসৱৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হিৰকজ্যোতি কলিতাই ফাকুৱা খেলি আহি বৰলীয়া নৈত গা ধুবলৈ গৈ অকাল মৃত্যুক সাৱতি লয় (Tragic incident during Holi across Assam) ৷ যাৰ বাবে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানটো বাতিল কৰা হৈছে ।

লগতে পঢ়ক : Holi celebration in Lakhimpur: ৰঙৰ উৎসৱত মতলীয়া লখিমপুৰীয়া ৰাইজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.