Youth killed in army vehicle collision: সাতগাঁৱত সেনাবাহিনীৰ গাড়ীৰ খুন্দাত যুৱকৰ মৃত্যু - সাতগাঁও সেনা চাউনী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-07-2023/640-480-19018159-thumbnail-16x9-cachar.jpg)
গুৱাহাটী,১৭ জুলাই: মহানগৰীৰ সাতগাঁও সেনা চাউনীৰ ভিতৰত দেওবাৰে সন্ধিয়া সেনাৰ বাহনৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয় ৷ সেনা চাউনীৰ ভিতৰত পানী যোগান ধৰা সেনা-বাহিনীৰ এখন গাড়ীয়ে খুন্দিওৱাৰ ফলত মৃত্যু হয় যুৱকজনৰ । নিহত যুৱকজন সাতগাঁও কোচপাৰা অঞ্চলৰ ধীৰেন দাস(৩৫)বুলি জানিব পৰা গৈছে । পেছাত এগৰাকী পাইপ মিস্ত্রী ধীৰেন দাসে আন এজন বন্ধুৰ সৈতে সাতগাঁও সেনা চাউনীৰ ভিতৰত পাইপ মেৰামতিৰ কাম কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ।
পথৰ দাঁতিত নিজৰ স্কুটিখন ৰখাই থৈ কাম কৰি আছিল ধীৰেন দাসে । তেনে সময়তে পিছফালৰ পৰা অহা সেনা-বাহিনীৰ পানী কঢ়িয়াই অহা এখন বাহনে অতৰ্কিতে ধীৰেন দাসক খুন্দা মাৰে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দাসক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও আধাবাটতে মৃত্যু হয় তেওঁৰ । সম্প্ৰতি ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটো সাতগাঁও থানাত দাখিল কৰিছে এজাহাৰ ।
লগতে পঢ়ক: Firing at Rupohihat: ৰূপহীহাটত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী