ডিফুৰ মাটিপুঙৰ মুছলিম কবৰস্থানৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ - Assam Police

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 10:24 PM IST

ডিফু, 18 নৱেম্বৰ : শনিবাৰে সন্ধিয়া ডিফু-মাটিপুং পথত থকা মুছলিম কবৰস্থানৰ প্ৰৱেশ দ্বাৰৰ জিৰণি চৰাত মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো মাটিপুং ফৰেষ্ট অফিচৰ সমীপৱৰ্তী অঞ্চলৰ দীপ গড় বুলি চিনাক্ত কৰা হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে মৃতদেহটোৰ কাষত ড্ৰাগছ লোৱাৰ সময়ত ব্যৱহাৰ কৰা চিৰিঞ্জ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

এইক্ষেত্ৰত ডিফু মুছলিম কবৰস্থান সমিতিৰ সম্পাদক নুৰুল ইছলামে কয়, ‘‘কবৰস্থানটোত প্ৰায়ে ড্ৰাগছ আসক্ত যুৱকসকলক ঘুৰি ফুৰা অৱস্থাত দেখা পোৱা যায় ৷ বহু সময়ত ড্ৰাগছ লৈ থকাৰ সময়ত ধৰা পেলাই ড্ৰাগছ আসক্ত যুৱকক আৰক্ষীৰ ওচৰত গতায়ো দিছো ৷ স্থানীয় ৰাইজেও এই ক্ষেত্ৰত বহু সহযোগিতা আগবঢ়াই আহিছে ৷’’

তেওঁ কয় যে, স্থানীয় লোকৰ সহযোগিতা অবিহনে কবৰস্থানটোত ড্ৰাগছ আসক্ত লোকৰ উপস্থিতি হ্ৰাস কৰিব নোৱাৰি ৷ স্থানীয় আৰক্ষী প্ৰশাসনকো এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাই ইছলামে ৷

লগতে পঢ়ক:ডাইনী সন্দেহকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.