Youth dead body recovered : ৰে’ল লাইনত ক্ষত-বিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ - dead body recovers
🎬 Watch Now: Feature Video


Published : Nov 16, 2023, 12:33 PM IST
সৰুপথাৰ, 16 নৱেম্বৰ : গোলাঘাট জিলাৰ নাওজানৰ বেতনিপথাৰত বুধবাৰে নিশা ৰে’ল লাইনত চাঞ্চল্যকৰ ঘটনা ৷ ৰে’ল লাইনত ক্ষত-বিক্ষত অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । মৃত যুৱকজন বিকি শইকীয়া বুলি জানিব পৰা গৈছে ৷ যুৱকজন এম.ভি বনগাঁৱৰ বিকি শইকীয়া বুলি জানিব পৰা গৈছে । তেওঁৰ পিতৃ অৰূপ শইকীয়া।
জানিব পৰা মতে নিশা ৰে’ল লাইনত কৰ্তব্যৰত অৱস্থাত তীব্ৰ বেগী ৰে’লে খুন্দিয়াই থৈ যোৱাত থিতাতে নিহত হয় যুৱকজন ৷ বেতনিপথাৰত সুৰক্ষাকৰ্মীৰ কামত নিয়োজিত আছিল মৃত বিকি ৷ ইতিমধ্যেই ক্ষত-বিক্ষত মৃতদেহটো ৰে’লৱে আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক অৱগত কৰিছে ৷
ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হোৱাত সম্প্ৰতি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে । এই ঘটনাই পৰিয়ালটোত শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক: Encounter: দুৰ্বৃত্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী, এটা অপৰাধী আটক