Dead body recover: ৰে’ল পথৰ দাঁতিত যুৱকৰ মৃতদেহ উদ্ধাৰ - ৰে’লৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-11-2023/640-480-19957744-thumbnail-16x9-mrito22255.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 6, 2023, 6:36 PM IST
যোৰহাট, 6 নৱেম্বৰ: ৰাজ্যত ইটোৰ পিচত সিটোকৈ মৃতদেহ উদ্ধাৰৰ বাতৰিয়ে শিৰোনাম দখল কৰি থকাৰ সময়তে যোৰহাট জিলাৰ মৰিয়নীত পুনৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ সোমবাৰে মৰিয়নী নগৰৰ পৰা নাতিদূৰৈৰ চেলেংহাটৰ ৰে’ল পথত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । উজনিমুৱা এখন ৰে’লৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে একাংশ লোকে ৷ মৃত যুৱকজন তিতাবৰ বিতোপন কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে চেলেংহাটৰ এটা বেকাৰী ফেক্টৰীত কাম কৰিছিল বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পিচতে ঘটনাস্থলীত ৰে’ল আৰক্ষী আৰু চেলেংহাট আৰক্ষী উপস্থিত হয় । ইতিমধ্যে আৰক্ষীয়ে যুৱকজন মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, মৰিয়নীত বিভিন্ন সময়ত পূৰ্বতেও ৰে’ল পথৰ দাঁতিত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছিল।
লগতে পঢ়ক: Murder case : আজান দি থকাৰ সময়তে ইমামক ডিঙি কাটি হত্যা