Youth Congress Protest : নিযুক্তি কেলেংকাৰীৰ অভিযোগত শিৱসাগৰত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 3:43 PM IST

শিৱসাগৰ, 01 ছেপ্টেম্বৰ : "বিজেপি অফিচত বহিছে চাকৰিৰ বজাৰ, টকাৰ উঠিছে জোৱাৰ, ভক্তগণে গঢ়িছে টকাৰ পাহাৰ, তথাপি নাই মামাৰ কানসাৰ" এই শ্ল’গানেৰে শিৱসাগৰ নগৰৰ মাজমজিয়াত জিলা যুৱ কংগ্ৰেছৰ চৰকাৰ বিৰোধী প্ৰতিবাদ ৷ নগৰৰ দ'লমুখত চাৰিআলিত শুকুৰবাৰে দিনৰ 11.30 বজাত জিলা যুৱ কংগ্ৰেছ সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰীয়ে ৰাইজক টুপি পিন্ধাই লুন্ঠন চলাই আছে বুলি কোৱাৰ লগতে আগন্তুক 2024 ৰ নিৰ্বাচনত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷ অসমত চাকৰিৰ বজাৰ চলি থকাৰ যি ন-ন তথ্য পোহৰলৈ আহিছে, সেই ক্ষেত্ৰত নাম সাঙোৰ খাই পৰা বিভিন্ন পৰ্যায়ৰ বিজেপি দলৰ নেতা-কৰ্মীৰ নাম সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যি নিৰ্বিকাৰ ভূমিকা পালন কৰিছে লগতে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে, সেয়াই গেৰুৱা চৰকাৰৰ ভিতৰচ'ৰাৰ বহু কথাই স্পষ্ট কৰি দিছে বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Protest over Silsako eviction: ঘৰখন বচাব লাগে; শিলসাঁকোৰ উচ্ছেদে অৰ্ধ নগ্ন হ’বলৈ বাধ্য কৰিলে মহিলাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.