Lakhimpur Youth Congress holds protest rally: লখিমপুৰত যুৱ কংগ্রেছৰ প্ৰতিবাদী সমদল - যুৱ কংগ্রেছৰ প্ৰতিবাদী সমদল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 6, 2023, 11:00 PM IST

Updated : Apr 7, 2023, 12:42 AM IST

লখিমপুৰ, ৬ এপ্রিল : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাছৰে পৰাই কংগ্রেছ দল তথা ইয়াৰ ভাতৃ সংগঠন সমূহে নিৰন্তৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । বিশেষকৈ বিজেপি চৰকাৰে গণতন্ত্রক হত্যা কৰা বুলি কংগ্রেছে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । লখিমপুৰত বৃহস্পতিবাৰে সন্ধিয়া যুৱ কংগ্রেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদী সমদলেৰে সমগ্র নগৰখনক উত্তাল কৰি তোলে যুৱ কংগ্রেছে (Lakhimpur Youth Congress holds protest rally) । 

বৃহস্পতিবাৰে সন্ধিয়া যুৱ কংগ্রেছৰ লখিমপুৰ জিলা সমিতিয়ে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াই লখিমপুৰ নগৰ উত্তাল কৰি তোলে । জিলা কংগ্রেছৰ কাৰ্যালয়ৰ পৰা ওলোৱা সমদলটোৱে সমগ্র নগৰখন পৰিভ্ৰমণ কৰি বিজেপি বিৰোধী শ্লোগান দি উত্তাল পৰিবেশ সৃষ্টি কৰে (Youth Congress holds protest rally) । 

বিজেপি গ’ বেক, নৰেন্দ্ৰ মোডী হায় হায়, আদি শ্লোগান দি যুৱ কংগ্রেছৰ শতাধিক প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ, প্ৰধান মন্ত্ৰী মোডীৰ বিৰুদ্ধে তীব্র আক্ৰমণাত্মক হৈ পৰে । প্ৰতিবাদী সমদলৰ মাজতে জিলা যুৱ কংগ্রেছৰ সভাপতি মৌচম লাহনে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয়, বিজেপি চৰকাৰে গণতন্ত্র হত্যাৰ প্ৰচেষ্টা কৰিছে । 

কংগ্রেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে চৰম অন্যায় কৰিছে চৰকাৰখনে । গণতন্ত্রক হত্যা কৰাৰ বিজেপি চৰকাৰৰ প্ৰচেষ্টাক কংগ্রেছ দলে কোনো কাৰণতে সহ্য নকৰে বুলি হুংকাৰ দি অনাগত দিনত কংগ্রেছে ইয়াৰ বিৰুদ্ধে জংগী আন্দোলন আৰম্ভ কৰিব বুলি বিজেপি চৰকাৰক সকীয়নি দিয়ে (Youth Congress holds protest rally in Lakhimpur) ।

লগতে পঢ়ক : Pipe bridge over Dichang river: দলং উদ্বোধন কৰি চৰকাৰক কটাক্ষ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ

Last Updated : Apr 7, 2023, 12:42 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.