thumbnail

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 11:38 AM IST

ETV Bharat / Videos

Suspected Murder Case : ডিঙি কটা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

নলবাৰী, ২৯ অক্টোবৰ : নলবাৰীৰ গোপালবজাৰত ড্ৰাগছ আসক্ত যুৱকৰ ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । শনিবাৰে নিশা নিজ বাসগৃহতেই সমীৰণ দাস নামৰ এগৰাকী যুৱকৰ ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে । যুৱকজনৰ ডিঙিত আঘাতৰ চিহ্ন স্পষ্ট হোৱা প্ৰত্যক্ষ কৰি কোনো লোকে যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰা হৈছে । নিহত যুৱকজন এজন ড্ৰাগছ আসক্ত আছিল বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।

পিচে এয়া হত্যা নে আত্মহত্যা অদ্যপি পোহৰলৈ অহা নাই ৷ নিচাৰ ৰাগীত যুৱকজনে নিজ ঘৰত প্ৰতিদিনেই অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়ই । বৰ্তমান ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ইতিমধ্যে সমীৰণৰ মাতৃৰ লগতে ভগ্নী বাসগৃহত উপস্থিত হৈছে যদিও বৰ্তমানলৈ পিতৃ ভূবন হালৈ বাসগৃহৰ পৰা অন্তৰ্ধান হৈ আছে ।

পিতৃয়ে পুত্ৰৰ অতিসহ্য সহিব নোৱাৰি হত্যা কৰাৰো এতিয়া সন্দেহৰ সৃষ্টি হৈছে অঞ্চলটোত । সেয়া কিমান দূৰ সত্য আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব ।

লগতে পঢ়ক: Husband attack wife face : সন্দেহৰ বশৱৰ্তী হৈ পত্নীৰ মুখত ব্লেডেৰে অকিয়ালে স্বামীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.