Attempted to suicide: হ'ৰ্ডিঙৰ খুটাত উঠি আত্মহত্যাৰ চেষ্টা যুৱকৰ - Rangia Police
🎬 Watch Now: Feature Video
Published : Oct 10, 2023, 10:29 PM IST
ৰঙিয়া,10 অক্টোবৰ : ৰঙিয়াত এইবাৰ হ'ৰ্ডিঙৰ পোষ্টত উঠি জপিয়াই আত্মহত্যাৰ চেষ্টা কৰে এজন যুৱকে । নিশা ৰঙিয়াৰ চ'ছাইটি চকত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । উল্লেখ্য যে পথৰ মাজৰ ডিভাইডাৰত থকা এখন হৰ্ডিঙৰ পোষ্টৰ ওপৰত উঠি যুৱকজনে জপিয়াবলৈ চেষ্টা কৰাক লৈ মূৰাৰা অঞ্চলত হাহাকাৰ লাগে ।
পৰৱৰ্তী সময়ত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ততাতৈয়াকৈ ৰঙিয়া আৰক্ষীৰ লগতে এছ ডি আৰ এফৰ দলো উপস্থিত হয় । আৰক্ষী আৰু এছ ডি আৰ এফে বহু সময় ধৰি চলোৱা উদ্ধাৰ অভিযানৰ অন্তত সুকলমে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । যুৱকজনে ক’ৰ পৰা আহি, কিয় এই কাণ্ড সংঘটিত কৰিবলৈ লৈছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হয় এক চাঞ্চল্যৰ ৷
লগতে পঢ়ক:Poor road communication:ৰঙিয়াৰ উদিয়ানাত পথৰ শীঘ্ৰে মেৰামতি কৰিবলৈ ৰাইজৰ দাবী