HS exam Results 2023: বাণিজ্য শাখাৰ অষ্টম স্থানত উজলিল মৰাণৰ ইউনুছ আনচাৰি - Moran Senior Secondary School
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18685690-thumbnail-16x9-mmr-aspera.jpg)
মৰাণ, ৬ জুন : আজি মঙলবাৰে ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল (HS exam results 2023) ৷ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ঘোষণাৰ লগে লগে ৰাজ্যজুৰি আনন্দৰ বন্য়া বৈছে । বাণিজ্য শাখাত প্ৰথম দহটা স্থানত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ইউনুছ আনচাৰিয়ে।
অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে মৰাণৰ ইউনুছ আনচাৰিয়ে । ডিব্ৰুগড়ৰ মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ইউনুছ আনচাৰিয়ে বাণিজ্য শাখাত অষ্টম স্থান লাভ কৰি মৰাণৰ লগতে ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে (Moran Senior Secondary School)। সৰ্বমুঠ ৪৬২ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা আনচাৰিৰ ঘৰ মৰাণ পিয়লি নগৰত (Younus Ansari secured 8th positions in commerce)।
লগতে পঢ়ক:HS exam Results 2023 : বাণিজ্য শাখাৰ সপ্তম স্থানত উজলিল তিনিচুকীয়াৰ স্মৃতি ঠাকুৰ