Looting money : যুৱ ব্যৱসায়ীক দূৰ্বৃত্তৰ লুটপাট, পেলাই থৈ গ’ল পথৰ সমীপত - latest crime news in assam
🎬 Watch Now: Feature Video


Published : Sep 11, 2023, 2:58 PM IST
নলবাৰী, 11 ছেপ্টেম্বৰ: নলবাৰীৰ সতীৰকুৰ দলঙৰ তলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । পথৰ দাঁতিত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱ ব্যৱসায়ী । যুৱ ব্যৱসায়ী গৰাকীৰ নাম ৰিতু বৰ্মন বুলি জানিব পৰা গৈছে ।
ইটানগৰৰ পৰা নলবাৰীৰ ঘৰলৈ আহি থাকোঁতে দুৰ্বৃত্তই লুটপাত চলাই ব্যৱসায়ীজনক পেলাই থৈ যায় বুলি জানিব পৰা গৈছে ৷ নলবাৰীৰ কাপলাবড়িত ব্যৱসায়ী ৰিতু বৰ্মনৰ ঘৰ বুলি জানিব পৰা গৈছে ৷ দেওবাৰৰ সন্ধিয়াৰে পৰা পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছিল ৰিতু বৰ্মনৰ ৷ সোমবাৰে পশ্চিম নলবাৰীৰ সতীৰকুৰ দলঙৰ তলত মূৰ্মুষু অৱস্থাত যুৱ ব্যৱসায়ীগৰাকী উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।
ব্যৱসায়ীগৰাকীৰ ভাষ্য অনুসৰি ইটানগৰৰ পৰা ঘৰলৈ আহি থাকোঁতে আমিনগাওঁৰ ওচৰত কেইজনমান লোকে নিচাযুক্ত দ্ৰব্য খুৱাইছিল । তাৰ পিছতে অচেতন হৈ পৰিছিল ৰিতু বৰ্মন । বৰ্তমান ৰিতু বৰ্মনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷ নগদ ধনৰ লগতে ব্যৱসায়ীগৰাকীয়ে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখনো দুৰ্বৃত্তই লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ ৷ ঘটনা সন্দৰ্ভত তৎপৰতাৰে তদন্ত আৰম্ভ কৰিছে বেলশৰ আৰক্ষীয়ে ৷
লগতে পঢ়ক: Protest at Khanapara: প্ৰাপ্য বঞ্চিত ৰান্ধনী সহায়িকাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী