National Yoga Competition: ধেমাজিত উপস্থিত ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলটো

By

Published : Jan 3, 2023, 12:47 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
মহাৰাষ্ট্ৰৰ নাছিকত যোৱাটো বৰ্ষৰ ২৭ ডিচেম্বৰ পৰা ৩০ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা (National Yoga Competition) ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ ছয়গৰাকী খেলুৱৈয়ে (Yoga team arrived in Dhemaji) ৷ খেলুৱৈসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ নিজৰ বিভাগত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় ৷ ইয়াৰ ভিতৰত দুগৰাকী ক্ৰমে ৰিম্পী গগৈ আৰু ৰাণী সোণোৱালে চতুৰ্থ স্থান লাভ কৰি খেল’ ইণ্ডিয়ালৈ নিৰ্বাচিত হৈছে ৷ মহাৰাষ্ট্ৰৰ পৰা প্ৰত্যাৱৰ্তন কৰা দলটোৱে ৰে’লেৰে আজি পুৱাই ধেমাজিত উপস্থিত হয়হি ৷ ইয়াৰ পিছতে খেলুৱৈৰ দলটোক উষ্ম আদৰণি জনোৱা হয় । আদৰণি জনোৱাৰ সময়ত উপস্থিত থাকে ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ (Dhemaji District Yoga Sports Association) সভাপতি ভূপেন গগৈ, উপদেষ্টা ঘনকৃষ্ণ আৰু নীতিশ নন্দী ৷ আদৰণি অনুষ্ঠানৰ আঁত ধৰে ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক পুলেন দাসে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.