thumbnail

By

Published : Jun 23, 2023, 2:03 PM IST

ETV Bharat / Videos

Flood Situation in Assam : গহপুৰত পুনৰ ছিগিল মথাউৰি; হাহাকাৰ পৰিস্থিতি

গহপুৰ, ২৩ জুন : শোণিতপুৰ জিলাৰ গহপুৰ সমষ্টিত অব্যাহত আছে বানৰ তাণ্ডৱ । শুকুৰবাৰে হঠাতে ছিগে গহপুৰ মহকুমাৰ হেলেমৰ ব্ৰহ্মাজান নদীৰ মথাউৰি । ফলত নিমিষতে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ । ব্ৰহ্মাজান নৈৰ বাঢ়নি পানীয়ে বুৰৈ চাহ বাগিচাৰ গাড়া লাইন অংশত মথাউৰি ছিগি পেলোৱাৰ বাবে প্লাৱিত হৈছে বহুকেইখন গাঁও ।

উল্লেখ্য যে কেইবাদিনো ধৰি অৰুণাচল পাহাৰত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত খৰস্ৰোতা নৈ ব্ৰহ্মাজানে কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । বহু ঠাইত ভাঙি পেলাইছে বাট-পথ । যাৰ ফলত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা । পানীয়ে বুৰাই পেলাইছে হেলেম ৰাজ চক্ৰৰ অন্তৰ্গত হাতীমৰা, চেঙেলীজান, মৰা চেঙেলী, তিনিকোণীয়া, আমজাৰণি, নলনিবাৰীকে আদি কৰি বহুকেইখন গাঁও ।

উল্লেখ্য যে প্ৰতিবছৰে মথাউৰি নিৰ্মাণৰ নামত বালিৰে ভেটা দি দায়িত্ব সামৰাৰ বাবেই এই অঞ্চলটোৰ ৰাইজে জলা-কলা খাই আহিছে যদিও কোনো গুৰুত্ব নাই গহপুৰ মহকুমা প্ৰশাসনৰ । ইফালে অঞ্চলটোৰ ৰাইজৰ দুখৰ সময়ত কোনো এজন জনপ্ৰতিনিধি উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Majuli Nimatighat ferry service : বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ, অনিৰ্দিষ্টকাললৈ বন্ধ ফেৰী সেৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.