World Rhino Day 2023: পবিতৰা অভয়াৰণ্যত বিশ্ব গঁড় দিৱস উদযাপন - World rhino day observed in Morigaon
🎬 Watch Now: Feature Video
Published : Sep 22, 2023, 9:39 PM IST
মৰিগাঁও, 22 ছেপ্টেম্বৰ : শুকুৰবাৰে বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব গঁড় দিৱস ২০২৩ ৷ বিশ্ব গঁড় দিৱস উপলক্ষে WWFৰ সহযোগত গুৱাহাটী বন্যপ্ৰাণী বিভাগৰ অন্তৰ্গত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত এক সজাগতা তথা স্বাস্থ্য শিবিৰ আয়োজন কৰা হয় ৷ এই স্বাস্থ্য শিবিৰত হাতীৰো স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ লগতে এই শিবিৰত হাতীৰ স্বাস্থ্যসেৱা সম্পৰ্কে কৰ্মচাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰা হয় ৷
এই স্বাস্থ্য শিবিৰটো পদ্মশ্ৰী ডাঃ কুশল শৰ্মা আৰু ডাঃ খনিন চাংমাইৰ দ্বাৰা পৰিচালনা কৰা হয় ৷ WWF ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় মুখ্য গঁড় সংৰক্ষক অমিত শৰ্মাই অসম আৰু IRV2020 গঁড় সংৰক্ষণৰ ওপৰত এক বক্তৃতা প্ৰদান কৰে ৷ ডাঃ খনিন চাংমাইয়ে হাতীৰ মাউতকে ধৰি কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি হাতীৰ ভৰিৰ যত্ন আৰু হাতীৰ বিভিন্ন ৰোগৰ বিষয়ে পৰ্যালোচনা কৰে ৷ অভয়াৰণ্যৰ ৰেঞ্জ ফৰেষ্ট অফিচাৰ নয়ন জ্যোতি দাসে গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰতিজন কৰ্মচাৰীয়ে গ্ৰহণ কৰিব লগা মৌলিক ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে ৷
লগতে পঢ়ক: Amrit Kalash Yatra: গুৱাহাটীতো আৰম্ভ হ’ল অমৃত কলহ যাত্রা