ৰঙিয়া, 8 মে’: ৰেডক্ৰছৰ জন্ম দাতা জন হেনৰি ড’নাল্ডৰ জন্মদিন তথা 8 মে'ৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব ৰেডক্ৰছ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ সমগ্ৰ বিশ্বৰ লগতে অসমৰো ভিন্ন প্ৰান্তত আজি পালন কৰা হৈছে বিশ্ব ৰেডক্ৰছ দিৱস (World Red Corss Day 2023) ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙিয়াতো আজি বিশ্ব ৰেডক্ৰছ দিৱস পালন কৰা হয় ৷ ভাৰতীয় ৰেডক্ৰছ চ’ছাইটিৰ ৰঙিয়া জিলা শাখাই ৰেডক্ৰছ দিৱস উপলক্ষে চিৰাখুন্দি প্ৰাথমিক বিদ্যালয়ত এটি দন্ত পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে ৷ এই শিবিৰত বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীক দাঁত পৰীক্ষা কৰাৰ লগতে টুথপেষ্ট, ব্ৰাছ আদি বিতৰণ কৰা হয় (World Red Corss Day Celebrated in Rangia) ৷
ৰেডক্ৰছ চ’ছাইটিৰ ৰঙিয়া জিলাৰ যুটীয়া সম্পাদক প্ৰকাশ ডেকাই আঁত ধৰা অনুষ্ঠানটোত সভাপতি ডাঃ চফিকুল হক আৰু সম্পাদক ডাঃ খবিৰুদ্দিন আহমেদে ৰেডক্ৰছ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷ বিশ্বৰ 192 খন দেশত এই মহান অনুষ্ঠানটোৱে দুৰ্গত লোকসকলক সহায়ৰ হাত আগবঢ়াই আহিছে ৷ নিজৰ জীৱনক তুচ্ছ কৰি বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ভিক্ষ, যুদ্ধ বিধস্ত অঞ্চলত মানৱ সেৱা কৰি আহিছে ৰেডক্ৰছৰ স্বেচ্ছাসেৱক সকলে (Dental Checkup Camp In Rangia) ৷
আজিৰ দন্ত পৰীক্ষা শিবিৰত ডাঃ চফিকুল হক, ডাঃ খবিৰুদ্দিন আহমেদ, ডাঃ নিলোৎপল পাল, ডাঃ এহচান ৰেজাকে অংশগ্ৰহণ কৰে ৷ শিবিৰটো পৰিচালনা কৰাত সহযোগ কৰে ৰেডক্ৰছৰ নজৰুল ইছলাম, চামচুল হক, ৰাহুল নাথ, শ্বামিম ইৰফান আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক আফজাল হুছেইনৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷
লগতে পঢ়ক: World Red Cross Day 2023: ৰেড ক্ৰছৰ উদ্যোগত গঠন কৰা হৈছিল বিশ্বৰ প্ৰথমটো ব্লাড বেণ্ড, জানক কেনেকৈ হৈছিল প্ৰতিষ্ঠা