thumbnail

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 5:15 PM IST

ETV Bharat / Videos

ৰহা মীন মহাবিদ্যালয়ত বিশ্ব মীন দিৱসৰ আয়োজন

ৰহা, ১৬ নৱেম্বৰ : অহা ২০ নৱেম্বৰৰ পৰা ৰহাৰ মীন মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব মীন দিৱস উদযাপন কৰা হ'ব । ৰাজ্যৰ অগ্ৰণী বেচৰকাৰী মীন পালন সংস্থা কলং-কপিলীৰ সহযোগত আয়োজন কৰা এই দুদিনীয়া মীন দিৱসত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মীনপালকে অংশগ্ৰহণ কৰিব । বৃহস্পতিবাৰে মীন মহাবিদ্যালয়ত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰী কৰে মীন মহাবিদ্যালয় কৰ্তৃপক্ষই ।

বিশ্ব মীন দিৱসত মৎস্য ব্যঞ্জনৰ প্ৰতিযোগিতা, মৎস্য মেলা, প্ৰদৰ্শনী আদিও আয়োজন কৰা হ'ব । লগতে মীনপালকসকলৰ বাবে কাৰিকৰী উপদেশৰো ব্যৱস্থা কৰা হৈছে । মীন দিৱসত ৰাষ্ট্ৰীয় মীন পৰিষদে বিগত ৯ বছৰে মীনপালকৰ বাবে কৰা কামৰ খতিয়ানো দাঙি ধৰা হ'ব ।

লগতে পঢ়ক :Lachit Divas 2023: 10 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাব টাইপাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.