World Environment Day : ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ এখন বিশেষ বাগিচা - A special garden at Lanka

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 5, 2023, 8:06 PM IST

হোজাই, 5 জুন: আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে হোজাইতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস (World Environment Day observed in Hojai) ৷ ইয়াৰ মাজতে অৱসৰপ্ৰাপ্ত শিক্ষক এগৰাকীয়ে নিজৰ পকেটৰ ধন ব্যয় কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত প্ৰস্তুত কৰি উলিয়াছে তিনি কিলোমিটাৰ দৈৰ্ঘৰ এখন বাগিচা । এইগৰাকী লংকাৰ অৱসৰপ্ৰাপ্ত শিক্ষক জয়বাবু সিংহ (A special garden at Lanka)।  

লগতে এইগৰাকী শিক্ষকে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত প্ৰতিবছৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি লংকাৰ বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰাৰ লগতে বিনামূলীয়াকৈ বিতৰণ কৰি আহিছে নিজৰ বাগিচাৰ গছৰ পুলিসমূহ । 

আনফালে হোজাই বৃহত্তৰ ট্ৰাক মালিক সংস্থাৰ উদ্যোগত বনানীকৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। হোজাই আৰক্ষী থানাৰ সমীপৰ পৰা আৰম্ভণি কৰা উক্ত বনানীকৰণ কাৰ্য্যসূচীত আজি ১০০ জোপা গছ ৰূপন কৰে হোজাই বৃহত্তৰ ট্ৰাক মালিক সন্হাই। এই কাৰ্যসূচীত হোজাই বনবিভাগৰ বিষয়া, আৰক্ষী বিষয়া, লংকাৰ পৌৰনেত্ৰীৰ উপৰিও বাৰ্ড মেম্বাৰকে ধৰি হোজাইৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: World environment day: গছপুলি ৰোপন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.