thumbnail

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 2:27 PM IST

ETV Bharat / Videos

জোনাইৰ লাইমেকুৰীত বিশ্ব প্ৰতিবন্ধী দিৱস পালন

জোনাই, 4 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে দেওবাৰে জোনাইৰ লাইমেকুৰীতো পালন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস ৷ লাইমেকুৰীৰ বৈকুণ্ঠপুৰত চন্দ্ৰকান্ত বৰি প্ৰতিবন্ধী এম. ভি স্কুল পৰিচালনা সমিতিৰ উদ্যোগত আৰু মুৰ্কংচেলেক ব্লক নিবনুৱা বিকলাংগ সংস্থাৰ সহযোগত বিশ্ব প্ৰতিবন্ধী দিৱস ব্যাপক কাৰ্যসূচীৰে পালন কৰা হয় ৷ এই দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবন্ধী মানৱতাৰ এক অংগস্বৰূপ শীর্ষক বিষয়ৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ এই আলোচনাৰ সঞ্চালন কৰে লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰুদ্ৰমোহন লাচন টায়ে ৷

সভাত বিধায়ক ভূৱন পেগুৰ প্ৰতিনিধি হিচাপে আৰু পূব জোনাই জিলা পৰিষদৰ সদস্য অটুল পেগুৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ প্ৰতিবন্ধীসকলক লৈ সমাজত প্ৰচলিত পক্ষপাতিত্ব আৰু বৈষম্য দূৰ কৰা,  তেওঁলোকৰ সৈতে জড়িত বিষয়সমূহৰ প্ৰতি মানুহক সজাগ কৰা আৰু বিশেষভাৱে সক্ষম লোকসকলক সমাজৰ সমতাৰ স্তৰলৈ অনা আৰু অৰ্থনৈতিক আৰু সামাজিকভাৱে তেওঁলোকক শক্তিশালী কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায় বিধায়ক পেগুৱে ৷

লগতে পঢ়ক : চিলাপথাৰত আবতৰীয়া দীপাৱলী, চাৰি ৰাজ্যৰ ফলাফলক লৈ আনন্দ উল্লাস বিজেপি কৰ্মীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.