দিব্যাংগ দিৱসত দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ সৈতে জিলা আয়ুক্তই গালে "মানুহে মানুহৰ বাবে..."

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 10:52 PM IST

thumbnail

মৰিগাঁও, 3 ডিচেম্বৰ : সমগ্ৰ শিক্ষা অভিযান, মৰিগাঁৱৰ অধীনৰ ভূৰবন্ধা খণ্ড অভিযান কাৰ্যালয়ৰ উদ্যোগত দেওবাৰে বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱাৰ ভাগত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা হয় । ইয়াৰ পিচতেই ভূৰবন্ধা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত সভাত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা এগৰাকী আৰু প্ৰাথমিক পৰ্যায়ত বিদ্যালয়ত নিয়মীয়া উপস্থিতিৰ বাবে এগৰাকী দিব্যাংগ শিক্ষাৰ্থীক সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা প্ৰেৰণা বঁটা ২০২৩ প্ৰদান কৰা হয় । একেদৰে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰা দুগৰাকী শিক্ষকক এই বঁটা প্ৰদান কৰা হয় ।

বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা আয়ুক্তগৰাকীয়ে এই বঁটাসমূহ প্ৰদান কৰি তেওঁলোকক উৎসাহিত কৰে । জিলা আয়ুক্তগৰাকীয়ে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে, প্ৰবল আত্মবিশ্বাস আৰু দৃঢ়তা থাকিলে শাৰীৰিক প্ৰতিবন্ধকতা সফলতাৰ বাটত হেঙাৰ হ’ব নোৱাৰে । হাতত গীটাৰ লৈ জিলা আয়ুক্তগৰাকীয়ে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সমস্বৰেৰে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ মানৱতাৰ গান "মানুহে মানুহৰ বাবে..." পৰিৱেশন কৰে । ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলেও পৰম উৎসাহেৰে গীতটি গাই অভিভূত হৈ পৰে । অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত দ্যুতিভা বৰা, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক : নিচা-বাল্য বিবাহৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.