Traditional lathi sports :নলবাৰীত পাৰম্পৰিক লাঠী ক্ৰীড়াৰ কৰ্মশালা

By

Published : Aug 7, 2023, 4:09 PM IST

thumbnail

নলবাৰী, ৭ আগষ্ট: নলবাৰীৰ ১০০৮ শ্ৰীশ্ৰীদুধনাথ বিগ্ৰহ খাৰজাৰা আশ্ৰমত পাৰম্পৰিক লাঠী ক্ৰীড়াৰ এক এদিনীয়া প্ৰশিক্ষণ শিবিৰৰ লগতে কাৰিকৰী আৰু বিচাৰক আলোচনা চক্ৰ দেওবাৰে অনুষ্ঠিত হয় । এই শিবিৰটোত শতাধিক শিশু,কিশোৰ-কিশোৰী,যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে সৰ্বভাৰতীয় MMA Association ৰ উপ-সভাপতি ৰিদিপ বৰুৱা প্ৰমুখ্যে পাৰম্পৰিক লাঠী ক্ৰীড়া সংস্থাৰ বিষয়ববীয়াসকল ।

সদৌ অসম পাৰম্পৰিক লাঠী ক্ৰীড়া সন্থাৰ সহযোগত আৰু নলবাৰী জিলা পাৰম্পৰিক লাঠী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই কৰ্মশালাখন ৷ দেওবাৰে উক্ত পাৰম্পৰিক লাঠী ক্ৰীড়া কৰ্মশালাখন শুভাৰম্ভ কৰে আৰ এছ এছৰ উত্তৰ পুৰ্বাঞ্চলৰ সংঘপ্ৰমুখ, বিশিষ্ট চিকিৎসক উমেশ চক্ৰৱৰ্তীয়ে ৷ পাৰম্পৰিক লাঠী ক্ৰীড়া সংস্থাৰ সদৌ অসমৰ সম্পাদক প্ৰদীপ দেই উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক লাঠীচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷

জিলাখনৰ ১৫০ গৰাকী যুৱক-যুৱতীসহ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে লাঠী ক্ৰীড়া কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ উক্ত কৰ্মশালাত প্ৰশিক্ষক ৰাজু তালুকদাৰৰ লগতে জিলাখনৰ কেইবাগৰাকীও প্ৰশিক্ষক উপস্থিত থাকে । 

লগতে পঢ়ক:Dhekiakhowa Bornaamghar: সমাগত ভাদ মাহ; ভক্তক আদৰিবলৈ সাজু ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.