ETV Bharat / state

সমষ্টিয়ে সমষ্টিয়ে অৰুণোদয় 3.O ৰ শুভাৰম্ভণি অনুষ্ঠান; উপস্থিত থাকিল মন্ত্ৰী-বিধায়ক - Orunodoi scheme

author img

By ETV Bharat Assamese Team

Published : 6 hours ago

Orunodoi scheme inauguration: ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে শুভাৰম্ভ কৰা হ’ল অৰুণোদয় আঁচনিৰ তৃতীয়টো পৰ্যায় ৷ প্ৰায়সমূহ সমষ্টিতে উপস্থিত থাকিল বিধায়ক-মন্ত্ৰী ৷ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে উপস্থিত থাকিল শ শ মহিলা ৷

Orunodoi scheme inauguration
সমষ্টিয়ে সমষ্টিয়ে অৰুণোদয় 3.oৰ শুভাৰম্ভণি অনুষ্ঠান (ETV Bharat Assam)

নিউজ ডেস্ক, 19 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে অৰুণোদয় 3.O আঁচনি ৷ অৰুণোদয় আঁচনি এই তৃতীয় পৰ্যায়ৰ হিতাধিকাৰীয়ে মাহৰ 10 তাৰিখে লাভ কৰিব 1,250 টকাকৈ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পিচতে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে মন্ত্ৰী-বিধায়কে স্থানীয়ভাৱে এই আঁচনি আৰম্ভ কৰে ৷

ফণীভূষণ চৌধুৰীৰ উপস্থিতিত বঙাইগাঁৱত অৰুণোদয় 3.O আঁচনিৰ শুভাৰম্ভ :

ফণীভূষণ চৌধুৰীক মুখ্য অতিথিৰ আসনত বহাই বঙাইগাঁও জিলা প্ৰশাসনে আয়োজন কৰে অৰুণোদয় 3.O ৰ শুভাৰম্ভণিৰ কাৰ্যসূচী ৷ উক্ত অনুষ্ঠানত বঙাইগাঁৱৰ শতাধিক মহিলা উপস্থিত থাকে ৷ সাংসদ ফণীভূষণ চৌধুৰীয়ে কয়, ‘‘এইবাৰ অৰুণোদয় আঁচনিৰ বাবে যিভাৱে হিতাধিকাৰী বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লৈছে, মই ভাবোঁ উৎকৃষ্ট পদ্ধতি চৰকাৰখনে অৱলম্বন কৰিছে ৷ মই ভাবোঁ এইবাৰ প্ৰকৃত হিতাধিকাৰীসকল উপকৃত হ’ব ৷’’

কমলপুৰ সমষ্টিত বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত শুভাৰম্ভ অৰুণোদয় 3.O :

কমলপুৰ বিধানসভা সমষ্টিৰ বাইহাটা শিৱ মন্দিৰত অৰুণোদয় 3.O ৰ আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক কলিতাৰ লগতে কামৰূপ জিলা আয়ুক্ত কৃতী জ্বলী । ভাষণ প্ৰসংগত জিলা আয়ুক্তগৰাকীয়ে অৰুণোদয় আঁচনিৰ সমান্তৰালভাৱে ৰাইজক ৰেচন কাৰ্ডৰো সুযোগ ল’বলৈ আহ্বান জনায় । বিধায়ক দিগন্ত কলিতাই অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰী বুথ পৰ্যায়ত বাচনি কৰা হ’ব বুলি সদৰী কৰে । উক্ত অনুষ্ঠানত কামৰূপ জিলা প্ৰশাসনৰ কেবাগৰাকীও শীৰ্ষ বিষয়াৰ লগতে সহস্ৰাধিক সাধাৰণ জনতা উপস্থিত থাকে ।

কংগ্ৰেছৰ সপোনৰ চৰকাৰখন আহিলে এই অৰুণোদয় আঁচনিখন বন্ধ কৰি দিব: পীযুষ হাজৰীকা

মৰিগাঁও জিলাৰ অন্তৰ্গত মৰিগাঁও সদৰ সমষ্টি, জাগীৰোড সমষ্টি, আৰু লাহৰীঘাট সমষ্টিত 3.oৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ মৰিগাঁও সদৰ সমষ্টিত বিধায়ক ৰমাকান্ত দেউৰী, জাগীৰোড সমষ্টিত মন্ত্ৰী পীযুষ হাজৰীকা আৰু লাহৰীঘাট সমষ্টিত বিধায়ক আচিফ মহম্মদ নাজাৰ উপস্থিত থাকে ৷ মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণ প্ৰসংগত কয়, ‘‘অৰুণোদয় আঁচনিত পাপ্যজনহে অন্তৰ্ভুক্ত হ’ব । কোনো কম্প্ৰমাইজ নাই । কোনোধৰণৰ বুজা-বুজি নাই ৷ অৰুণোদয়ৰ ক্ষেত্ৰত আমাৰ চৰকাৰ কঠোৰ । বিগত চাৰি বছৰ আগতে 19 লাখ পৰিয়ালক সামৰি এই আচঁনি আৰম্ভ হৈছিল । প্ৰতি বছৰে বছৰে বাঢ়ি গৈ আছে । এই আচঁনিত ৩৭.২ লাখ দুখীয়া দৰিদ্ৰ লোক অন্তৰ্ভুক্ত হ’ব । অতি সোনকালেই ফৰ্ম বিতৰণ কাম আৰম্ভ হ’ব ।’’

মন্ত্ৰী পীযুষ হাজৰীকাই কয়, ‘‘কংগ্ৰেছৰ সপোনৰ চৰকাৰখন আহিলে এই অৰুণোদয় আঁচনিখন বন্ধ কৰি দিব । কিন্তু বাস্তৱত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে । কংগ্ৰেছে ভাৰতৰ যিমান ৰাজ্যত মিছা প্ৰতিশ্ৰুতি দি চৰকাৰ কৰিলে, তাতেই অৰ্থনৈতিক ধ্বংস হ’ল । হিমাচল, কৰ্ণাটক, তেলেংগানাত আজি অৰ্থনৈতিক ধ্বংস হ’ল ।’’

মধ্যভোগীৰ আশ্ৰয় নল’বলৈ আহ্বান জয়ন্ত মল্লবৰুৱাৰ :

নলবাৰী বিধানসভা সমষ্টিৰ পৰা ৩০ হাজাৰ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত অৰুণোদয় ৩.o মুকলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰীগৰাকী । গ্ৰাম্য অৰ্থনীতিত দৰিদ্ৰতা দূৰ কৰাৰ ক্ষেত্ৰত অৰুণোদয় আঁচনি সহায়ক বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । আনহাতে এইবাৰ আঁচনিৰ নামত দালালি কৰা মধ্যভোগীসকলোকো সকিয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ মধ্যভোগীৰ আশ্ৰয় নলবলৈ আহ্বান জয়ন্ত মল্লবৰুৱাৰ ৷ কোনো মধ্যভোগীয়ে আঁচনিৰ নামত ক’তো একো দুৰ্নীতি কৰিব যাতে নোৱাৰে, তাৰ বাবে মহিলাসকলক তেনে লোকৰ পৰা দূৰত থাকিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

অৰুণোদয় আঁচনিত আবেদনৰ বাবে উৎকোচ নিদিবলৈ আহ্বান ভৱেশ কলিতাৰ :

ৰঙিয়াতো বৃহস্পতিবাৰে অৰুণোদয় ৩.O ৰ শুভাৰম্ভ কৰা হয় ৷ দ্বিপ্তেশ্বৰীৰ হৰিমন্দিৰৰ প্ৰাংগণৰ সভাগৃহত আয়োজন কৰা বিশাল সভাখনত অংশগ্ৰহণ কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই । বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ভাষণৰ জৰিয়তে আঁচনিখনৰ সম্পৰ্কে বহলাই ব্যাখ্যা কৰে । ভাষণ প্ৰসংগত আঁচনিখনৰ সম্পৰ্কে ভৱেশ কলিতাই কয় কয় যে ৰঙিয়াৰ মুঠ ২৫২ টা বুথৰ পৰা সমগ্ৰ ৰঙিয়াৰ হিতাধিকাৰীসকলক এইবাৰ অৰুণোদয়ৰ ফৰ্ম দিয়া হ’ব । তেওঁ লগতে ৰাইজক সজাগ কৰি কয় যে অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ কোনেও যাতে ভেটি নিদিয়ে । প্ৰয়োজনীয় কাগজখিনি শুদ্ধভাৱে জমা কৰিলেই হিতাধিকাকীসকলে এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম বুলি দোহাৰে ৰঙিয়াৰ বিধায়কগৰাকীয়ে ।

অৰুণোগদয় 3.O ক সম্পূৰ্ণ ৰাজনীতিমুক্ত কৰা হ'ব বুলি মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ :

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নেহৰুবালিত আয়োজন কৰা এক অনুষ্ঠানত অৰুণোগদয় 3.O ৰ শুভাৰম্ভণি কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে পাঁচ সহস্ৰাধিক লোক ৷ মুখ্য অতিথি হিচাপে উপস্থিত থকে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰুণোদয় 3.O আঁচনি কেৱল যোগ্য হিতাধিকাৰীক প্ৰদান কৰাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ তদুপৰৰি আঁচনিখনক সম্পূৰ্ণ ৰাজনীতিমুক্ত কৰা হ'ব বুলিও ৰূপক শৰ্মাই মন্তব্য কৰে । প্ৰথমে বুথ পৰ্যায়ত বাছনি কৰি দিয়াৰ পিচত পুনৰ জিলা পৰ্যায়ত পুনৰীক্ষণ হ’ব বুলিও বিধায়কগৰাকীয়ে সদৰী কৰে । পূৰ্বে প্ৰায় ১ লাখ ৫৪ হাজাৰ পৰিয়ালৰ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নগাঁও জিলাত পুনৰ ৮০ হাজাৰ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলিও মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ।

বাক্সাতো অৰুণোদয় 3.O ৰ শুভাৰম্ভ :

বাক্সা জিলাৰ শালবাৰী মহকুমা সদৰস্থিত শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত মানাহ বিধানসভা সমষ্টি ভিত্তিত অৰুণোদয় 3.O ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা, বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিটিচিৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ জয় মুছাহাৰী, শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, শালবাৰী মহকুমাৰ মহকুমাধিপতি নীলোৎপল পাঠক, সহকাৰী আয়ুক্ত অনুস্মিতা দত্তকে ধৰি কেবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাৰ্চুৱেল অনুষ্ঠান উপভোগ কৰে । কাৰ্যসূচীৰ সামৰণিত বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাই অৰুণোদয় 3.O সম্পৰ্কে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

জোনাই সমষ্টিত লাভান্বিত হ’ব ২৭ হাজাৰ মহিলা :

জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত সস্ৰাধিক মহিলাৰ উপস্থিতিত অৰুণোদয় ৩.O শুভাৰম্ভ কৰা হয় । উক্ত শুভাৰম্ভ অনুষ্ঠানত জোনাইৰ বিধায়ক ভূৱন পেগুৱে অংশগ্ৰহণ কৰি কয় জোনাইত ১৭ হাজাৰ মহিলাই অৰুণোদয় পাই আছিল ৷ আজিৰে পৰা অৰুণোদয় ৩.O ৰ জৰিয়তে ১০ হাজাৰ মহিলাই লাভ কৰিব অৰুণোদয়ৰ সুবিধা ৷ গতিকে জোনাই সমষ্টিত মুঠ ২৭ হাজাৰ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা পাব ৷ ইয়াৰোপৰি ১৫ হাজাৰ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড পাব ৷ গতিকে এই আঁচনিয়ে দুখীয়া ৰাইজক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে ভূৱন পেগু ৷

লগতে পঢ়ক : আৰম্ভ হ’ল অৰুণোদয় 3.0, কেনেকৈ কৰিব আবেদন ! জানি লওক

অৰুণোদয় ৩.০; ৰাজ্যত ৫৫ লাখতকৈও অধিক ভুৱা ৰেচন কাৰ্ড বাতিল

2025 ৰ মাজভাগত আনুষ্ঠানিকভাৱে উদ্বোধন হ’ব বঙাইগাঁও মেডিকেল কলেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.