ETV Bharat / bharat

তিৰুপতি লাডুত জন্তুৰ চৰ্বি ! পৰীক্ষাগাৰৰ প্ৰতিবেদন প্ৰকাশেৰে টিডিপিৰ চাঞ্চল্যকৰ দাবী - Tirupati Laddu Controversy - TIRUPATI LADDU CONTROVERSY

Tirupati Laddu Controversy: এনডিডিবি চিএএলএফ লেবৰ (পৰীক্ষাগাৰ)এক প্ৰতিবেদনৰ জৰিয়তে পূৰ্বৰ ৱাইএছআৰচিপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ টিডিপিৰ নেতা অনাম ভেংকট ৰমনা ৰেড্ডীৰ । ৰেড্ডীৰ মতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃত লেবৰ প্ৰতিবেদন অনুসৰি তিৰুপতি লাডুত জন্তুৰ চৰ্বি থকাটো সঁচা !

Tirupati Laddu Controversy
তিৰুপতি লাডুত জন্তুৰ চৰ্বি; পৰীক্ষাগাৰৰ প্ৰতিবেদন প্ৰকাশ টিডিপিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 8:31 PM IST

নেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ : তিৰুপতি লাডু সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশত ব্যাপক বিতৰ্ক চলি আছে । মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে অভিযোগ কৰিছিল যে ৱাই এছ আৰ চি পি চৰকাৰৰ সময়ত তিৰুপতি লাডু জন্তুৰ চৰ্বিৰে প্ৰস্তুত কৰা হৈছিল । মুখ্যমন্ত্ৰীগৰাকীৰ এই অভিযোগৰ পিচতে ৰাজনীতি উত্তাল হৈ পৰিছে ।

তিৰুপতি লাডু বিতৰ্ক

মুখ্যমন্ত্ৰীৰ অভিযোগৰ পিচতে শাসকীয় দল তেলেগু দেশম পাৰ্টীয়েও এই অভিযোগ সঁচা বুলি দাবী কৰি বিভিন্ন ধৰণৰ উদাহৰণ দাঙি ধৰিছে । টিডিপিৰ মুখপাত্ৰ অনাম ভেংকট ৰমনা ৰেড্ডীয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃত এনডিডিবি চিএএলএফ লেবৰ পৰা পোৱা তথ্য উত্থাপন কৰি দাবী কৰে যে ৱাইএছআৰচিপি শাসনকালত যোগান ধৰা ঘিউত বিভিন্ন সন্দেহজনক উপাদান আছিল । তেওঁ অভিযোগ কৰা মতে পৰম্পৰাগত গৰুৰ ঘিউৰ পৰিৱৰ্তে তাত অন্তৰ্ভুক্ত আছিল চয়াবিন, কাউপিয়া তেল(cowpea oil), জলফাই তেল(olive oil), ঘেঁহুৰ দ্বাৰা প্ৰস্তুত কৰা তেল (wheat bran oil), গোমধান তেল, কপাহবীজ তেল, মাছৰ তেল, গো-চৰ্বি, পাম তেল আৰু গাহৰিৰ চৰ্বি আদি ।

তিৰুপতি লাডু গুণগত মান

ৰেড্ডীয়ে গুণগত মান নিয়ন্ত্ৰণত স্পষ্ট ত্ৰুটিৰ বাবে মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ চৰকাৰক সমালোচনা কৰে আৰু উল্লেখ কৰে যে প্ৰিমিয়াম-মানৰ ঘিউৰ মূল্য সাধাৰণতে প্ৰতি কিলোগ্ৰামত ১,০০০ টকাতকৈ অধিক হয় । তেওঁ নিবিদা প্ৰক্ৰিয়াৰ অখণ্ডতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে, য'ত প্ৰতি কিলোগ্ৰামত মাত্ৰ ৩২০ টকাত ঘিউ প্ৰদান কৰা হৈছিল, যাৰ অৰ্থ হৈছে যে ইমান কম মূল্য কেৱল নিম্নমানৰ উৎস বা দুৰ্নীতিৰ জৰিয়তে হে পূৰণ কৰিব পাৰি । ৰেড্ডীয়ে দাবী কৰিছে যে ১৫,০০০ কিলোগ্ৰাম ঘিউৰ নিবিদা সম্ভৱতঃ উৎকোচৰ অংশ । যাৰ ফলত চৰকাৰী চুক্তিত স্বচ্ছতা আৰু দায়বদ্ধতাৰ ওপৰত উদ্বেগ বৃদ্ধি পাইছে ।

ৰেড্ডীয়ে উল্লেখ কৰিছে যে ৱাইএছআৰচিপি চৰকাৰে মাত্ৰ ৭৫ লাখ টকা বিনিয়োগেৰে ঘিউ প্ৰমাণপত্ৰৰ বাবে সহজে এক সমৰ্পিত পৰীক্ষাগাৰ স্থাপন কৰিব পাৰিলেহেঁতেন । ৰেড্ডীৰ মন্তব্যই ৱাইএছআৰচিপিৰ শাসনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ লগতে খাদ্য সুৰক্ষা আৰু গুণগত মানৰ গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছে । অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰ ৱাইএছআৰচিপি দলে কি ধৰণে দিয়ে, সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক : তিৰুপতিৰ লাডুত জন্তুৰ চৰ্বি ! চন্দ্ৰবাবুৰ দাবী নাকচ ৱাই এছ আৰ চি পিৰ - Andhra CM on Tirupati Laddu

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.