ETV Bharat / state

এবছৰৰ ভিতৰত দুই শতাধিক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ - Cyber fraudsters arrested

author img

By ETV Bharat Assamese Team

Published : 6 hours ago

Cyber crime: নিশাৰে পৰা মৰিগাঁও বিভিন্ন স্থানত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ১০ জন লোকক গ্ৰেপ্তাৰ । মোবাইল ফোন, ফিংগাৰপ্ৰিণ্ট মেচিন, ডেবিড কাৰ্ড আৰু ভুৱা পান কাৰ্ড জব্দ ।

Cyber fraudsters arrested
মৰিগাঁৱত চাইবাৰ অপৰাধৰ বৃহৎ চক্ৰ উৎখাত (ETV Bharat)

মৰিগাঁও,১৯ ছেপ্টেম্বৰ : দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধ চক্ৰৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ অংশ হিচাপে বুধবাৰে নিশা জিলাখনৰ কেইবাটাও স্থানত আৰক্ষীয়ে অভিযান চলাই ১০ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । মৈৰাবাৰী আৰু লাহৰীঘাট আৰক্ষীয়ে পৃথকে চলোৱা অভিযানত চাইবাৰ অপৰাধৰ সৈতে জড়িত লোকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান

মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ নেতৃত্বত চলোৱা হয় এই অভিযান । ইফালে এহিয়া আহমেদ নামৰ আন এজন চাইবাৰ অপৰাধত জড়িত লোক নগাঁও মেট্ৰ' হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে । অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ই সমগ্ৰ অভিযান সন্দৰ্ভত কয়, "দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে । তাৰ অংশ হিচাপে যোৱা নিশা মৰিগাঁৱৰ প্ৰায় ১৬ টা স্থানত অভিযান চলোৱা হয় । য'ত আমি ১০ জন লোকক আটক কৰিছো আৰু সোধা-পোছাৰ অন্তত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছো । তাৰ ভিতৰত বেছি সংখ্যকে এক্সিছ বেংককে ধৰি বিভিন্ন বেংকেৰে জালিয়াতি কৰিছিল । চক্ৰটোৱে ভুৱা তথ্য দি ক্ৰেডিট কাৰ্ড আৰু ঋণৰ নামত ধন হৰলুকি কৰিছিল ।"

বেংকৰ ধন আত্মসাৎ গোচৰত জড়িত লোকক গ্ৰেপ্তাৰ

অতিৰিক্ত আৰক্ষী অধীক্ষকে জনোৱা মতে লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা ৰুকুন উদ্দিনে ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন ব্যক্তিৰ নামত প্ৰায় ১৪ খন পেন কাৰ্ড উলিয়াইছে । মেট্ৰ' হাস্পতালত চিকিৎসাধীন এহিয়া আহমেদক পূৰ্বতে মহাৰাষ্ট্ৰৰ আৰক্ষীয়েও ধন আত্মসাৎ গোচৰত গ্ৰেপ্তাৰ কৰিছিল বুলি তেওঁ উল্লেখ কৰে । এক্সিছ বেংকৰ ১০ কোটিৰ জালিয়াতিৰ সৈতেও এই লোকসকলক জড়িত আছিল বুলি তেওঁ অৱগত কৰে ।

কি কি উদ্ধাৰ ?

অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জনোৱা মতে ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে ২০ টা মোবাইল ফোন, ফিংগাৰপ্ৰিণ্ট মেচিন, নগদ ৪০ হাজাৰ টকা, ডেবিড কাৰ্ড ১৫ খন, পান কাৰ্ড ২৪ খন, ছীম কাৰ্ড ৮০ খন জব্দ কৰে । লগতে আৰক্ষীয়ে এখন বিলাসী বাহনো জব্দ কৰিছে ।

এবছৰত দুই শতাধিক চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ-

জানিব পৰা মতে প্ৰায় এবছৰত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) সমীৰণ বৈশ্যৰ নেতৃত্বত মৈৰাবাৰী, লাহৰীঘাট, মায়ং, ভুৰাগাঁও, মিকিৰভেটা আদিৰ পৰা আৰক্ষীয়ে প্ৰায় ২২৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । তথাপিও জিলাখনত অব্যাহত আছে চাইবাৰ অপৰাধৰ ঘটনা ৷

লগতে পঢ়ক :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান আৰক্ষীৰ; পুনৰ ৮ অভিযুক্তক গ্ৰেপ্তাৰ - Cyber crime

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.