thumbnail

Workshop on Right to Information Act :তথ্য জনাৰ অধিকাৰ আইন সন্দৰ্ভত কৰ্মশালা

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:42 PM IST

ডিফু, ২৫ আগষ্ট:কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ বিষয়াসকলক লৈ আজি ডিফুত তথ্য জনাৰ অধিকাৰ আইন সন্দৰ্ভত এখন কৰ্মশালা সম্পন্ন হয় ৷ ৰাজ্যিক তথ্য আয়োগৰ হৈ প্ৰাক্তন আৰক্ষী সঞ্চালক তথা ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত আৰু প্ৰাক্তন বিশিষ্ট সাংবাদিক তথা তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপে বিষয়াসকলক তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কিমান তথ্য দিয়া হৈছে,তথ্য সংগ্ৰহৰ নামত কোনো ধন দাবীৰ ঘটনা সংঘতিত হৈছে নেকি সেইবিষয়ে জানিব বিচাৰে ৷  

তেওঁলোকে বিষয়াসকলক তথ্য কিদৰে দিব লাগে তাৰ বিষয়েও কৰ্মশালাত বিশদ ব্যাখ্যা কৰে ৷ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই কয় যে তথ্য খোজাৰ নামত ব্লেক মেইলিং কৰা সকলৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে ৷  

লগতে পঢ়ক:Ripun Bora: বাতৰিকাকত-টেলিভিছন চালেই কেৱল বিজেপিৰ বিসম্বাদ দেখা পায় ৰিপুন বৰাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.