Doctors Workshop in Lakhimpur: লখিমপুৰ কেন্সাৰ কেয়াৰ কেন্দ্ৰৰ উদ্যোগত চিকিৎসকৰ কৰ্মশালা - লখিমপুৰ কেন্সাৰ কেয়াৰ কেন্দ্ৰ
🎬 Watch Now: Feature Video

লখিমপুৰ, 30 মাৰ্চ: বুধবাৰে লখিমপুৰৰ কেন্সাৰ কেয়াৰ কেন্দ্ৰৰ উদ্যোগত চিকিৎসা বিষয়াসকলৰ এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় ৷ লখিমপুৰ জিলা কেন্সাৰ কেয়াৰ কেন্দ্ৰৰ উদ্যোগত জিলাখনৰ চিকিৎসা বিষয়াসকলক সামৰি, কেন্সাৰ কেয়াৰ কেন্দ্ৰত উপলব্ধ চিকিৎসাজনীত সা-সুবিধা আৰু সামৰ্থ তথা আগতীয়াকৈ কেন্সাৰ ৰোগ নিৰ্ণয়ৰ পদ্ধতি সম্পৰ্কত অনুষ্ঠিত হয় এদিনীয়া কৰ্মশালাখনি (Cancer Care Centre Lakhimpur) ৷
লখিমপুৰ কেন্সাৰ কেয়াৰ কেন্দ্ৰৰ সভাকক্ষত আয়োজন কৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ এইচ. কে. ভট্টাচাৰ্যই (Doctors Workshop in Lakhimpur) ৷ লখিমপুৰ কেন্সাৰ কেয়াৰ কেন্দ্ৰৰ অধীক্ষক ডঃ গোপাল কুমাৰ পুৰকায়স্থই আদৰণি ভাষণ প্ৰদান কৰে অনুষ্ঠাটোত ৷ ভাষণত তেখেতে কয় যে আগতীয়াকৈ কেন্সাৰ ৰোগ নিৰ্ণয় কৰিব পাৰিলে চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ট সহজ হয় (Workshop in Cancer Care Centre Lakhimpur) ৷
কৰ্মশালাখনিত জিলাৰ অতিৰিক্ত উপাযুক্ত গীতালি দুৱৰা, ,জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুনীন গগৈ উপস্থিত থাকি বক্তব্য আগবঢ়াই ৷ কৰ্মশালা খনিত সমল ব্যক্তি হিচাপে কেন্সাৰ কেয়াৰ কেন্দ্ৰৰ চিকিৎসক ডঃ সূৰ্যকান্ত আচাৰ্যই কেন্সাৰ কেন্দ্ৰত উপলব্ধ সেৱাসমূহ আৰু আধুনিক মেচিনসমূহৰ বিষয়ে অৱগত কৰে (Early Detection of Common cancers) ।
অন্য এগৰাকী সমল ব্যক্তি ডঃ মানস ৰঞ্জন সেনাপতিয়ে বিভিন্ন প্ৰকাৰৰ কেন্সাৰ ৰোগ আগতীয়াকৈ কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেই সম্পৰ্কে এটি তথ্যসন্মত বক্তৃতা প্ৰদান কৰে ৷ কৰ্মশালাখনিত জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়ঙীয়া, কেন্সাৰ চেণ্টাৰৰ জিলা হেলথ মেনেজাৰ সঞ্জীব কুমাৰ বেথা আৰু লখিমপুৰ জিলাৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াসকল আৰু সমূহীয়া স্বাস্থ্য বিষয়াসকল উপস্থিত থাকে (Workshop on Cancer in Lakhimpur)।