Media Workshop in Guwahati: উত্তৰ-পূবৰ প্ৰাকৃতিক সম্পদক লৈ সংঘাত বিষয়ত কৰ্মশালা - Institute of media and Development studies

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 18, 2023, 10:59 PM IST

গুৱাহাটী, ১৮ জুন: ইনষ্টিটিউট অফ মিডিয়া এণ্ড ডেভলপমেন্ট ষ্টাডি গুৱাহাটী আৰু ৰাইটচ এণ্ড ৰিক্স এনালাইচিচ নতুন দিল্লীৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা হয় এখন মিডিয়া কৰ্মশালা । উত্তৰ-পূব ভাৰতৰ প্ৰাকৃতিক সম্পদক লৈ সংঘাত বিষয়ত মহানগৰীৰ উজানবজাৰস্থিত ব্লু মুন হোটেলত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় মিডিয়া কৰ্মশালাখন ।  

উত্তৰ-পূব ভাৰতৰ প্ৰাকৃতিক সম্পদক লৈ কিদৰে বাতৰি পৰিৱেশন কৰিব লাগে সেই বিষয়ে কৰ্মশালাত আলোচনা কৰা হয় । এই সন্দৰ্ভত উদ্যোক্তা তথা জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞাই কয় যে, উত্তৰ-পূৱৰ প্ৰাকৃতিক সম্পদক লৈ যি সংঘাত তাক লৈ কি দৰে সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিব লাগে সেই বিষয়ে এই কৰ্মশালাত আলোচনা কৰা হৈছে ।  

প্ৰাকৃতিক সম্পদক লৈ সংঘাত এই ক্ষেত্ৰত দেখা যায় পক্ষপাতিত্ব মূলক বাতৰি পৰিৱেশন কৰে । স্বাধীনতাৰ পূৰ্বৰে পৰা উত্তৰ-পূৰ্বাঞ্চল হৈছে সংঘাতপূৰ্ণ অঞ্চল । বহু চেষ্টা কৰিও সমাধান হোৱা নাই । সংবাদমাধ্যমে ইতিবাচক ভূমিকা গ্ৰহণ কৰিলে ঐতিহ্য বজাই ৰাখিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ভূঞাই । কৰ্মশালাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, সুস্মিতা গোস্বামী, অনিৰ্বান ৰয়কে ধৰি উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যৰ পৰা অহা বহু জ্যেষ্ঠ-কণিষ্ঠ সাংবাদিক উপস্থিত থাকে । 

লগতে পঢ়ক: Jonali Nath murder case update: 5 দিনৰ আৰক্ষীৰ জিম্মাত জোনালী নাথ হত্যাকাণ্ডৰ অভিযুক্ত আজিবৰ ৰহমান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.