thumbnail

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 9:21 PM IST

ETV Bharat / Videos

Death by drowning: মাছ মাৰিবলৈ গৈ মিস্ত্ৰীৰ সলিল সমাধি

ৰঙিয়া,২৭ ছেপ্টেম্বৰ: ৰঙিয়াৰ উদিয়ানাত কৰুণ ঘটনা । মাছেই কাল হল এগৰাকী মিস্ত্ৰীৰ বাবে । মাছ মাৰিবলৈ গৈ সলিল সমাধি এগৰাকী মিস্ত্ৰীৰ । মৃত পকী মিস্ত্ৰীজন হৈছে গোৱালপাৰা জিলাৰ বলবলা চান্দমাৰী গাঁৱৰ ফজুল হক । ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া উদিয়ানাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন বিলত মাছ মাৰি থাকোতে গোৱালপাৰাৰ এজন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই শোকাকুল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।  

ঠিকাদাৰৰ অধীনত গোৱালপাৰাৰ পৰা শ্ৰমিকৰ দল এটা ৰঙিয়ালৈ আহিছিল । পকীবেৰ নিৰ্মাণৰ কামত ব্যস্ত থকা শ্ৰমিকসকলৰ বুধবাৰৰ দিনটোত কোনো কাম নথকাত ওচৰতে থকা বিলত কেইবাগৰাকী শ্ৰমিকে মাছ মাৰিবলৈ যায় । মাছ মাৰি থকা অৱস্থাতে গোৱালপাৰাৰ বলবলা চান্দমাৰীৰ গাঁৱৰ ফজুল হকে দ' খাৱৈত বুৰ গৈ সলিল সমাধি ঘটে ।  

লগে লগে একেলগে মাছ মাৰি থকা লগৰ দুজন শ্ৰমিকে উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও ইতিমধ্যে শ্ৰমিকজনে মৃত্যুক সাৱটি লয় । পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ স্থানীয় ব্যক্তিৰ সহায়ত বিলখনৰ মাজৰ পৰা শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰে ।

লগতে পঢ়ক: Protest at Sarthebari:সৰ্থেবাৰীত ব্যৱসায়িক সন্থাৰ প্ৰতিবাদী সমদল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.