Protest in Chinamara: শ্ৰমিকৰ প্ৰতিবাদত উত্তাল চিনামৰা চাহ বাগিচা

By

Published : Mar 14, 2023, 9:23 PM IST

thumbnail

যোৰহাট, ১৪ মাৰ্চ: পুনৰ প্ৰতিবাদমুখৰ হ'ল চিনামৰা চাহ বাগিচাৰ শ্ৰমিক (Protest in Chinamara Tea Estate)। বিগত কেইবাদিন ধৰি শ্ৰমিক সকলক প্ৰাপ্য পৰা বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ সাব্য়স্ত কৰিছে শ্ৰমিকসকলে । তেওঁলোকে সময়মতে প্ৰাপ্য মজুৰি লাভ নকৰাত এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে ।

এসাঁজ খাই এসাঁজ নাখাই কৰ্মস্থলীলৈ আহিবলৈ বাধ্য হৈছে চিনামৰা বাগিচাত কৰ্মৰত শ্ৰমিকসকলে । চাহ শ্ৰমিকসকলৰ সমস্যা সমাধান বিচাৰি মঙলবাৰে চাহ বাগিচাৰ সন্মুখত অসম চাহ জনজাতি ছাত্র সন্থা (ATSA protest in Jorhat) আৰু অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত চাহ শ্ৰমিকসকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Assam Chah Mazdoor Sangh protest in Chinamara) ।

বাগিচা কৰ্তৃপক্ষ আৰু ৰাজ্য় চৰকাৰক সঁকীয়নি দি শ্ৰমিকসকলে কয় যে, তেওঁলোকে সদায় প্ৰাপ্য়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈ আহিছে । উল্লেখ্য যে, অসম চাহ নিগমৰ অধীনত পৰিচালিত চিনামৰা চাহ বাগিচাত কৰ্মৰত স্থায়ী শ্ৰমিকক নিয়মীয়াভাৱে প্ৰদান কৰি অহা সপ্তাহিক দৰমহা বিগত দুসপ্তাহৰ পৰা সময়মতে প্ৰদান কৰা হোৱা নাই । ইয়াৰ ফলতেই চাহ শ্ৰমিক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত ক্ষোভৰ উদগীৰণ হৈছে ৷

পিছত প্ৰতিবাদস্থলীৰ পৰাই আটছা আৰু অসম চাহ মজদুৰ সংঘই পৃথকে পৃথকে অসম চাহ নিগমৰ পৰিচালক সঞ্চালকলৈ এক দাৱী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে । সংশ্লিষ্ট কৰ্তৃপক্ষই শীঘ্ৰে প্ৰাপ্য মজুৰি প্ৰদান নকৰিলে শ্ৰমিকসকলে পুনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক:9 detained in Dibrugarh: ৫০০ টকাৰ পৰা ২০০০ টকাৰ বিনিময়ত বিক্ৰী মেট্ৰিকৰ প্ৰশ্নকাকত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.