Protest over Silsako eviction: ঘৰখন বচাব লাগে; শিলসাঁকোৰ উচ্ছেদে অৰ্ধ নগ্ন হ’বলৈ বাধ্য কৰিলে মহিলাক - অৰ্ধ উলংগ হৈ শিলসাঁকোত মহিলাৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
Published : Sep 1, 2023, 11:05 AM IST
|Updated : Sep 1, 2023, 1:12 PM IST
গুৱাহাটী, 1 ছেপ্তেম্বৰ: পুৱাই উত্তপ্ত হ’ল শিলসাঁকো ৷ শুকুৰবাৰে পুৱাই প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ আহিল শিলসাঁকোত ৷ কিন্তু আৰক্ষী-প্ৰশাসনক বাধা দিলে শিলসাঁকোবাসীয়ে ৷ কিন্তু প্ৰতিবাদকাৰীৰ বাধাকো নেওচি উচ্ছেদ অভিযান চলাবললৈ সষ্টম হৈ পৰিল আৰক্ষী কিম্বা প্ৰশাসন ৷
বছৰ বছৰ ধৰি বাস কৰি অহা নিজৰ আপোন ঘৰখন ৰক্ষা কৰাৰ স্বাৰ্থত উপায়ন্তৰ হৈ একাংশ মহিলা প্ৰতিবাদকাৰীয়ে অৰ্ধ উলংগ হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ দেহৰ কাপোৰ খুলি আৰক্ষী-প্ৰশাসনক বাধাৰ চেষ্টা মহিলা প্ৰতিবাদকাৰীৰ ৷ ইয়াৰ পাচতে আৰু অধিক উত্তপ্ত হৈ পৰিল শিলসাঁকো ৷
আৰক্ষীয়ে চোঁচৰাই নিলে প্ৰতিবাদকাৰীক ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে শতাধিক প্ৰতিবাদকাৰীক ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজৰ খণ্ডযুদ্ধত আহত হৈছে কেবাগৰাকীও আৰক্ষী ৷ জানিব পৰা মতে, আহত আৰক্ষীকেইগৰাকীক চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে ৷
তথ্য অনুসৰি, আজি শিলসাঁকোত প্ৰায় 200 টা পৰিয়ালৰ ওপৰত চলিব প্ৰশাসনৰ বুলড’জাৰ ৷ 100 বিঘা মাটি বেদখল কৰাৰ লক্ষ্য প্ৰশাসনৰ ৷