Women hold protest: আৰু কিমান এক্সিডেণ্ট ? ক্ষোভত ৰাজপথলৈ ওলাল মহিলা - ফ’ৰলেনযুক্ত পথ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 3:48 PM IST

শিৱসাগৰ, 27 অক্টোবৰ : শিৱসাগৰ জিলাৰ ভটিয়াপাৰ ৰূপহীমুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । অৰ্ধ শতাধিক মহিলাই অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক ফ’ৰলেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম কাজৰ লেহেমীয়া গতিত অতিষ্ঠ হৈ স্থানীয় মহিলাসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

দীৰ্ঘদিন ধৰি উজনিৰ জাঁজীৰ পৰা ডিমৌলৈকে নিৰ্মাণকাৰ্য চলি থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক ফ’ৰলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম কাজৰ লেহেমীয়া গতিত একপ্ৰকাৰ ক্ষুব্ধ হৈ পৰিছে ঘাইপথৰ দাঁতিত বসবাস কৰা লোকসকল । এটাৰ পাচত আন এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে লুণ্ঠনৰ আহিলা হিচাপে ব্যৱহাৰ কৰি অহা ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ বৰ্তমানলৈকে ৩০ শতাংশও কাম কাজ সম্পূৰ্ণ হোৱা নাই । 

ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ দায়িত্বত থকা এন এইচ আই দি চি এলেও ঘাইপথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে । বৰ্তমান ফ’ৰলেনযুক্ত পথটো বাদেই গৰুবাট বুলিও আখ্যা দিব নোৱাৰি এই পথছোৱাক । দৈনিক উক্ত স্থানত সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ পাচতো কাৰো গা নলৰাত অতিষ্ঠ হৈ মহিলাসকলে এইদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

লগতে পঢ়ক : Women Protest : "আমাক ঋণ মাফ দিবই লাগিব, কিস্তিৰ নামত হাৰাশাস্তি নচলিব" - প্ৰতিবাদকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.