Women Flesh Trading: ৰেষ্টোৰাঁত অবৈধ নাৰী দেহ ব্যৱসায়, যুৱক-যুৱতী উদ্ধাৰ

By

Published : Jul 17, 2023, 7:48 PM IST

thumbnail

জনিয়া, 17 জুলাই : জনিয়াৰ জোনাকী ৰেষ্টোৰাঁত অবৈধ নাৰী দেহ ব্যৱসায় চলোৱাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ ৰেষ্টোৰাঁখনৰ স্বত্বাধিকাৰী নুৰ হুছেইনে দীৰ্ঘ দিনৰ ৰেষ্টোৰাঁখনত অবৈধভাৱে নাৰী দেহ ব্যৱসায় চলাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছিল ৷ সোমবাৰে বৰপেটা আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি এহাল যুৱক-যুৱতীক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে ৰেষ্টোৰাঁখনৰ পৰা কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। সম্প্ৰতি আৰক্ষীয়ে যুৱক, যুৱতীগৰাকীৰ লগতে ৰেষ্টোৰাঁখনৰ পৰিচালকক আটক কৰি লৈ যায় ৷ ধৃত যুৱকজন কলগাছিয়াৰ শৰিয়তপুৰৰ এটি সন্তানৰ পিতৃ খাইৰুল ইছলাম বুলি জানিব পৰা গৈছে। 

এই ঘটনাৰ সন্দৰ্ভত উচিত তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তিৰ প্ৰদানৰ লগতে জোনাকী ৰেষ্টোৰাঁখন বন্ধ কৰাৰ দাবী জনায় জনিয়া-সালেকুৰা বজাৰ কমিটিয়ে ৷

লগতে পঢ়ক: Attempt to murder: পিতৃৰ দাৰ ঘাপত মৃত্যুৰ সৈতে যুঁজিছে কন্যাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.