Murder case at Rangpara: নৃশংস! দাৰে ঘপিয়াই মহিলাক হত্যা - Murder case at Rangpara
🎬 Watch Now: Feature Video
ৰঙাপৰা, 22 জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰাত শুকুৰবাৰে এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ নিশা প্ৰায় 9 মান বজাত এগৰাকী মহিলাক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যা কৰি মৃতদেহ পুখুৰীৰ পাৰত পেলাই থৈ যায় ৷
ঘটনাৰ বিৱৰণী অনুসৰি ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত 3 নং আমলগা গাঁৱৰ নিৱাসী প্ৰয়াত বাৰ্ণা বাচ লুগুনৰ পত্নী শান্তিনা লগুনে (56) চুবুৰীয়া এঘৰ লোকৰ ঘৰৰ পৰা গৃহ অভিমুখে আহি থকা অৱস্থাতেই কোনো দুৰ্বৃত্তই দাৰে পিচফালৰ পৰা ঘপিয়াই নৃশংসভাৱে হত্যা কৰে ৷ তাৰ পিচতে এটা পুখুৰীৰ পাৰত পেলাই থৈ যায় মহিলাগৰাকীৰ মৃতদেহ ৷
এই ঘটনাৰ খবৰ পোৱাৰ পিচতে ৰঙাপৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ আনে ৷ ইপিনে ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: Theft in Jorhat: যোৰহাটত ৩০ কাৰ্টন সুৰাৰ বটল ভাঙিলে চোৰে