আৰক্ষী বিষয়াৰ অনৈতিককাণ্ড, OC নুৰ জাহাংগীৰ আহমেদৰ চৰকাৰী কোঠাত উদ্ধাৰ যুৱতী

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 10:28 AM IST

thumbnail

সৰুপথাৰ, ২৪ ডিচেম্বৰ : পুনৰ অসম আৰক্ষীৰ পোচাকত লাগিল দাগ ৷ অসম আৰক্ষীক লজ্জানত কৰিলে চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই । নাম নুৰ জাহাংগীৰ আহমেদ । শনিবাৰে নিশা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদৰ থানা চৌহদত থকা চৰকাৰী কোঠাৰ ভিতৰত স্থানীয় ৰাইজে উদ্ধাৰ কৰে এগৰাকী যুৱতীক । তাৰ পাচতে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ জানিব পৰা মতে, উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ ঘৰ গুৱাহাটীত ৷

বিৱৰণি অনুসৰি, বিগত কেবাদিন ধৰি বহু যুৱতীক স্থানীয় ৰাইজে সঘনে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদৰ কোঠালৈ আহ-যাহ কৰা প্ৰত্যক্ষ কৰিছিল ৷ শনিবাৰেও এগৰাকী যুৱতীক স্থানীয় ৰাইজে আৰক্ষী বিষয়াগৰাকীৰ চৰকাৰী কোঠাত প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে ৰাইজে হাতে-লোটে ধৰা পেলাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদক কোঠাৰ ভিতৰতে তলা মাৰি আৱদ্ধ কৰে । অৱশ্যে পৰৱৰ্তী সময়ত ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত হৈ আৰক্ষী বিষয়াগৰাকীৰ কোঠাৰ পৰা উদ্ধাৰ যুৱতীগৰাকীক ।

কিন্তু বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষী বিষয়াগৰাকীৰ সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই ৷ আৰক্ষীৰ ফালৰ পৰা নুৰ জাহাংগীৰ আহমেদক কোঠাৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছে বুলি তথ্য লাভ কৰা হৈছে ৷ ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰো দাখিল কৰা হৈছে । এই ঘটনাৰ সঠিক তদন্ত কৰি অসমৰ আৰক্ষীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক নুৰ জাহাংগীৰ আহমেদক উচিত শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে সংগঠনৰ সদস্যসকলে ৷

উল্লেখ্য যে, বিবাহিত আৰক্ষী বিষয়া জাহাংগীৰৰ বিৰুদ্ধে পূৰ্বতেও ৰুজু হৈ আছে নাৰী সংক্ৰান্তীয় গোচৰ । যাৰ বাবে তেওঁ চাকৰিৰ পৰা নিলম্বিতও হৈছিল ৷ শনিবাৰে চুঙাজানত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়াই আৰম্ভ কৰিছে তদন্ত । অৱশ্যে ঘটনাৰ তদন্তৰ পাচতহে ই কোন দিশে গতি কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : হাতী নহয়, নাহৰফুটুকী খেদিবলৈ নিশা হাতত দা-লাঠি লৈ টীয়কৰ হাতীপাৰাত ওলাই আহিল ৰাইজ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.