Woman employee arrested for bribe: শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত গ্ৰেপ্তাৰ মহিলা কৰ্মচাৰী - উপায়ুক্ত কাৰ্যালয়ত গ্ৰেপ্তাৰ মহিলা কৰ্মচাৰী
🎬 Watch Now: Feature Video
তেজপুৰ,১৬ মে': এইবাৰ হাত দাঙিলে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে । দুৰ্নীতি নিবাৰক আৰু তাদাৰকী শাখাৰ জালত পৰিল এগৰাকী মহিলা । ববী খান শইকীয়া নামৰ মহিলা গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ ৰেকৰ্ড বিভাগৰ দায়িত্ব থাকি লৈছিল উপঢৌকন (Woman employee arrested with bribe at DC office in Sonitpur) ।
নগদ ১০০০ টকা উপঢৌকন লৈ হাতে লোতে ধৰা পৰে মহিলা কৰ্মচাৰীগৰাকী (Woman employee arrested for bribe) । সোমবাৰে দুৰ্নীতি নিবাৰক শাখাক অভিযোগ দাখিল কৰিছিল মহিলাগৰাকীৰ বিৰুদ্ধে । দুৰ্নীতি নিবাৰক শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চিদানন্দ বৰাৰ নেতৃত্বত অহা ৯ মহিলাসহ দলটোৱে আজিজুল ইছলামৰ অভিযোগৰ ভিত্তিত নগদ ১০০০ টকা লোৱা সময়তে গ্ৰেপ্তাৰ কৰে ।
ইছলামে জমা বন্দী কপি বিচৰাৰ বাবদ মহিলা কৰ্মচাৰী গৰাকীয়ে উক্ত ধনৰাশি লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰে (Woman employee arrested with bribe) । আনহাতে তেওঁৰ লগত নগদ ১৬ হাজাৰ ৭০০ টকা বেগৰ পৰা জব্দ কৰে দুৰ্নীতি তদাৰকী শাখাই ।