টাটা ছুম’ৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ - কৰিমগঞ্জ অসামৰিক চিকিৎসালয়
🎬 Watch Now: Feature Video


Published : Nov 22, 2023, 10:55 PM IST
কৰিমগঞ্জ, 22 নৱেম্বৰ : কৰিমগঞ্জৰ সুপ্ৰাকান্দিত এখন ব্যৱসায়িক টাটা ছুম’ বাহনৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ । মৃত্যু হোৱা মহিলা গৰাকীৰ নাম নিয়তি ৰায় । মহিলা গৰাকীৰ মৃত্যুক কেন্দ্ৰ সুপ্ৰাকান্দিত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । প্ৰায় আধা ঘন্টা সময় ধৰি উত্তেজিত ৰাইজে অৱৰোধ কৰে অসম ত্ৰিপুৰা সংযোগী আঠ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ।
পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল'ৰ হস্তক্ষেপত অৱশেষত অৱৰোধমুক্ত হয় ৰাষ্ট্ৰীয় ঘাইপথটো । ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খোজকাঢ়ি গৈ থাকোঁতে মহিলা গৰাকীক পাছফালৰ পৰা দ্ৰুতগতিত থকা এখন টাটা ছুম' বাহনে খুন্দা মাৰে । খুন্দা মৰাৰ পিচত বাহনখন সেই স্থানৰ পৰা উধাও হয় । দুৰ্ঘটনাৰ পিচত ৰাইজৰ সহযোগত মহিলা গৰাকীক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও কৰ্তব্যৰত চিকিৎসকে মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷
লগতে পঢ়ক : দেৰগাঁৱত নিশা অচিনাক্ত বাহনৰ খুন্দাত দুজন নিহত