Wild elephant terror in Golaghat: বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে দুটাকৈ পৰিয়ালৰ বাসগৃহ - Wild elephant menace
🎬 Watch Now: Feature Video

গোলাঘাটত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant terror in Golaghat)। মৰঙিত বন্যহস্তীৰ আতংকই শংকিত কৰি তুলিছে স্থানীয় লোকসকলক । অঞ্চলটোৰ মাধৱপুৰ গাঁৱত বৃহস্পতিবাৰে নিশা পুনৰ আহাৰ গ্ৰহণ কৰাৰ সময়তে কেইবাটাও পৰিয়ালৰ বাসগৃহত বন্যহস্তীয়ে উপদ্ৰৱ চলায় । যাৰ বাবে ভাতৰ থাল এৰি কেইবাটাও পৰিয়ালে পলায়ন কৰিবলগীয়া হয় । নিশা বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীয়ে গাঁওখনত প্ৰৱেশ কৰে । লোকসকলে হাতীটো খেদিবলৈ চেষ্টা কৰে যদিও দুটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে হাতীটোৱে । দৰিদ্ৰ পৰিয়াল দুটাৰ ঘৰ তচনচ কৰে হাতীয়ে (Wild elephants destroy house in Golaghat)। ফলত দিশহাৰা হৈ পৰিছে পৰিয়াল দুটা । আনহাতে বন বিভাগ তথা চৰকাৰক সাহায্যৰ বাবেও অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালকেইটাই ।
Last Updated : Feb 3, 2023, 8:37 PM IST