Wild elephants died : ৰাণীত বিদ্যুৎস্পৃষ্ট হৈ পোৱালিসহ তিনিটা বন্যহস্তীৰ মৃত্যু - ৰাণী বনাঞ্চলিক কাৰ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-08-2023/640-480-19176727-thumbnail-16x9-hati.jpg)
নিউজ ডেস্ক, 4 আগষ্ট : শুকুৰবাৰে পুৱা মহানগৰীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । ৰাণী বনাঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত ৰাণী চাহ বাগানৰ পানীচন্দাত বিদ্যুৎস্পৃষ্ট হৈ তিনিটা বন্যহস্তীৰ কৰুণ মৃত্যু হয় ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল বনৰীয়া হাতীৰ জাকটোৱে ৷
তাৰ পাচতেই বনৰীয়া হাতীৰ জাকটোৱে সোমাই তামোল বস্তিত ৷ তেনে সময়তে তামোল গছ ভাঙি পৰি যায় বিদ্যুতৰ তাঁৰত ৷ ফলত সংঘটিত হয় এই কৰুণ ঘটনাটো । জানিব পৰা মতে, এহাল মতা-মাইকী হাতীৰ লগতে আছিল এটা সৰু হাতীৰ পোৱালিও ৷
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ লোক ৷ ইফালে স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যুৰ ঘটনা এয়াই প্ৰথম নহয় ৷ উক্ত অঞ্চলটোত এনেধৰণৰ ঘটনা সঘনে সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : ASI survey of Gyanvapi mosque: জ্ঞানবাপীত ASI ৰ সমীক্ষা আৰম্ভ; অন্তৰ্ভুক্ত হোৱা নাই মুছলমান পক্ষ