Wild Elephant Terror in Sonari: সোণাৰিত নিশা বন্যহস্তীয়ে ভাঙিলে বাসগৃহ

By

Published : Jul 11, 2023, 4:10 PM IST

thumbnail

ডিব্ৰুগড়,11 জুলাই: চৰাইদেউ জিলাৰ সোণাৰিত নিশা বন্যহস্তীৰ তাণ্ডৱ ৷  নিশা মঞ্জুশ্ৰী চাহ বাগিচাত বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে এটা বাসগৃহ ৷ খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে ভাঙিলে মঞ্জুশ্ৰী চাহ বাগিচাৰ ১০ নম্বৰ লাইনৰ ৰমেন গড়ৰ বাসগৃহ । জানিব পৰা মতে হাতীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰিল ৰমেন গড়ৰ পৰিয়াল । 

আনহাতে সোমবাৰে নিশা বন‌্যহস্তীয়ে সৃষ্টি কৰা তাণ্ডৱৰ বিষয়ে বন বিভাগক অৱগত কৰাৰ পাচতো এতিয়ালৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বিভাগৰ লোক। ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও ঘৰ-বাৰী তচ-নচ কৰাৰ লগতে অঞ্চলটোত কেইবাজনো লোকৰ মৃত্যু হৈছিল বন্যহস্তীৰ আক্ৰমণত । তাৰ পিছতো কিন্তু বন বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক:Missing news of Assam: হিমাচলত ফুৰিবলৈ গৈ সন্ধানহীন সোণাৰিৰ দম্পতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.