thumbnail

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 1:27 PM IST

ETV Bharat / Videos

Terror of Wild Elephant :গোলাঘাটৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ সন্ত্ৰাস,অনিষ্ট কৰিছে ধান

যোৰহাট, 4 অক্টোবৰ : ৰাজ্যত বৰ্তমানোও অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ খাদ্য সন্ধানত জনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে সন্ত্ৰাস ৷ মৰঙি অঞ্চলৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰিছে বন্যহস্তীয়ে । প্ৰায় 60-70 জনীয়া বৃহৎ বন্যহস্তীৰ জাকে জিলাখনৰ বিভিন্ন প্ৰান্তত ধান খাই বিস্তৰ ক্ষতি সাধন কৰিছে ৷

বনৰীয়া হাতীৰ ধ্বংসলীলা দেখি মূৰে কপালে হাত দিছে চহা কৃষিজীৱীলোকে । অন্যহাতে বনহস্তী জাকে অঞ্চলটোত দীৰ্ঘ দিন ধৰি সন্ত্ৰাস চলোৱাৰ পাচতো বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ 

বন্যস্তীৰ উপদ্ৰপৰ বাবে ৰাইজে বিনদ্ৰ ৰজনী পাৰ কৰিব লগীয়া পৰিস্থিতি হোৱা লগতে নিজ জীৱনক বিপদাপন্ন কৰি বৃহত্তৰ হাতী জাকটো খেদাৰ এক বৃথা চেষ্টা কৰিছে । উল্লেখ্য যে নামবৰ অভয়াৰণ্য পৰা ওলাই আহি হাতীৰ জাকটোৱে উক্ত অঞ্চলসমূহত উপদ্ৰৱ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:Man Elephant conflict in Assam:নুমলীগড়ত বন্যহস্তীয়ে তহিলং কৰিলে খেতিপথাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.