Wild Elephant Terror: শাক-পাচলি বজাৰত বন্যহস্তীৰ চফৰ

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:51 PM IST

thumbnail

গুৱাহাটী, 28 ছেপ্টেম্বৰ : মহানগৰীত পুনৰ বন্যহস্তীৰ মুক্ত বিচৰণ ৷ খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা পুনৰ ওলাই আহিল বন্যহস্তী ৷ উল্লেখ্য যে আমচাং অভয়াৰণ্যৰ পৰা সঘনাই ওলাই অহা বন্যহস্তীয়ে মহানগৰী সাতগাঁও,পাঞ্জাবাৰী বতাহঘুলি আদি অঞ্চলত প্ৰায়ে মুক্ত বিচৰণ কৰাটো পৰিলক্ষিত হয় ৷ বৃহস্পতিবাৰে পুনৰ সন্ধিয়াৰ ভাগত আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে সাতগাঁৱস্থিত নাৰেংগী সেনা ছাউনিৰ ভিতৰত প্ৰৱেশ কৰে ৷

ইফালে বতাহঘুলি তিনিআলিৰ শাক-পাচলি বজাৰত উপদ্ৰৱ চলাই বন্যহস্তীটোৱে ৷ ফলত কেইবাজনো শাক-পাচলি ব্যৱসায়ীৰ শাক-পাচলি ভক্ষণ কৰাৰ লগতে পেলনীয়া পাচলি ভক্ষণ কৰে হাতীটোৱে ৷ আনহাতে কিছু সময় বন্য হস্তীটোৱে মুক্ত বিচৰণ কৰাৰ পিচত পুনৰ সাতগাঁও আমছিং যোৰাবাট হৈ আমচাং অভয়াৰণ্যলৈ গতি কৰে ৷

লগতে পঢ়ক:Pijush Hazarika: টিকট দিব নোৱাৰা বাবেই কংগ্ৰেছৰ বহু নেতা বিজেপিলৈ অহা নাই; মন্ত্রী পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.