thumbnail

By

Published : Dec 2, 2022, 3:18 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ETV Bharat / Videos

Wild elephant roaming: বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ শতাধিক বন্যহস্তীৰ

নিশা হলেই এতিয়া নগাঁৱৰ বিভিন্ন স্থানত আতংকৰ কাৰণ হৈ পৰিছে বন্যহস্তী (Wild elephant roaming) ৷ বনাঞ্চল এৰি এতিয়া জনাঞ্চলত মুক্ত বিচৰণ কৰিছে শতাধিক বন্যহস্তীয়ে । বৃহস্পতিবাৰে নিশা কন্দলী পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাক পাৰ হৈ যায় ননৈ শ’লমাৰীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ৷ বন্যহস্তীৰ জাকটো পাৰ হোৱাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োপাৰে সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ৷ ইফালে বন্যহস্তীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঞা ৰাইজ ৷ আনফালে হাতী খেদাত ব্যৰ্থ হৈছে নগাঁৱৰ বন বিভাগ ৷ বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈছে নগাঁৱৰ কঠিয়াতলী, কন্দলী, ননৈ, ৰাঙলু, গমাৰিআটিৰ লগতে ১০ খনৰো অধিক গাঁৱৰ ৰাইজ ৷
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.