Man Elephant conflict : হাতীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু
🎬 Watch Now: Feature Video
ৰাজ্যত হস্তী মানুহৰ সংঘাত অব্যাহত আছে (Man elephant conflict)। যোৰহাট জিলাৰ তিতাবৰত পুনৰ এই সংঘাতে লৈছে ভয়ংকৰ ৰূপ । অঞ্চলটোত বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত থকাৰ মাজতে আন এক মৰ্মান্তিক ঘটনা । বন্য হস্তীৰ আক্ৰমণত মৃত্যু হ'ল এজন লোকৰ (Man killed in wild elephant attack)। মৃত লোকজন চাহ শ্ৰমিক নকুল ভূঞা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে নিশা তিতাবৰৰ ৰঙাজান চাহ বাগিচাত সংঘটিত হয় এই ঘটনা । খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে বাগিচাৰ তিনি নম্বৰ লাইনত প্ৰৱেশ কৰে । ২৫ৰ পৰা ৩০ টা হাতী থকা জাকটোৱে শ্ৰমিকজনৰ বাসগৃহত আক্ৰমণ কৰে । হাতীৰ আক্ৰমণত ৫৫ বছৰীয়া নকুল ভূঞা গুৰুতৰভাৱে আহত হয় । পৰৱৰ্তী সময়ত তেওঁ মৃত্যুমুখত পৰে । এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST