বিহালীৰ বুৰৈঘাটত ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু - বনৰীয়া হাতীৰ মৃত্যু
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-11-2023/640-480-20130173-thumbnail-16x9-assam.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 28, 2023, 9:53 AM IST
বিশ্বনাথ, ২৮ নৱেম্বৰ: বিশ্বনাথৰ বিহালীৰ বুৰৈঘাটত সোমবাৰে নিশা ৰে’লৰ খুন্দাত এটা বনৰীয়া হাতীৰ মৃত্যু হয় ৷ নিশা খাদ্যৰ সন্ধানত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা সময়তে দ্ৰুতবেগী যাত্ৰীবাহী ৰে’লে বনৰীয়া হাতীটোক মহটিয়াই নিয়ে । ফলত থিতাতে মৃত্যু হয় বনৰীয়া হাতীটোৰ ।
সোমবাৰে নিশা প্ৰায় ১০ বজাত নামনিমুৱা দঞি পল’ এক্সপ্ৰেছৰ খুন্দাত বনৰীয়া হাতীটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । অৰুণাচলৰ নাহৰলগুণৰ পৰা গুৱাহাটীলৈ গৈ আছিল ৰে’লখন ৷
উল্লেখ্য যে, দৈনিক খাদ্যৰ সন্ধানত বিহালীৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই আহে শ শ বনৰীয়া হাতী জাক । আজিও এই পথেৰে এটা বনৰীয়া হাতীৰ জাকে ৰে’ল লাইন পাৰ হওঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ।
লগতে পঢ়ক: Wild elephant death news:বিন্দুকুৰিৰ কাছমাৰীত এজনী মাইকী হাতীৰ কৰুণ মৃত্যু