Wild elephant death news:বিন্দুকুৰিৰ কাছমাৰীত এজনী মাইকী হাতীৰ কৰুণ মৃত্যু - বনৰীয়া হাতীৰ মৃত্যু
🎬 Watch Now: Feature Video


Published : Nov 9, 2023, 1:38 PM IST
ৰঙাপৰা, 9 নৱেম্বৰ : শোণিতপুৰ জিলাত বৃহস্পতিবাৰে পুনৰ কৰুণ মৃত্যুক সাৱটি ল’লে এজনী বনৰীয়া হাতীয়ে । বনাঞ্চল ধ্বংস হোৱাৰ চৰম পৰিণতিত ইটোৰ পিছত সিটোকৈ বনৰীয়া হাতীৰ মৃত্যু ঘটিছে ৷ বিশেষকৈ জিলাখনৰ ৰঙাপৰাত হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ।
মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু বালিপৰা-চেঙেলীমৰা সংৰক্ষিত বনাঞ্চলৰ ভূমি এতিয়া বেদখলকাৰীৰ কবলত পৰাৰ পিচত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ এনেদৰে মৃত্যু ঘটিবলৈ আৰম্ভ কৰিছে । নিশা এজনী মাইকী বনৰীয়া হাতীৰ মৃত্যু ঘটে বিন্দুকুৰিৰ কাছমাৰীত । কাছমাৰীৰ ধাননি পথাৰৰ মাজতে মাইকী হাতীজনীৰ মৃত্যু ঘটে ৷ এই খবৰে প্ৰকৃতি প্ৰেমী ৰাইজক ব্যথিত কৰি তুলিছে ।
ধাননি পথাৰৰ মাজত পৰি থকা বনৰীয়া হাতীজনীৰ মৃতদেহৰ ওচৰত একাংশ ৰাইজে ধূপ-চাকি জ্বলাই জনায় শ্ৰদ্ধাঞ্জলি । একমাত্ৰ মানুহৰ অত্যাচাৰৰ বলি হৈ শান্তিপ্ৰিয় জন্তুটোৰ মৃত্যু ঘটিছে বুলি অভিযোগ উঠিছে । উল্লেখ্য যে, ৰাজ্যত বিয়াগোম বন বিভাগ এটা থকাৰ পিচতো বনাঞ্চল ধ্বংস কাৰ্য ৰোধ কৰাতো বাদেই, বনৰীয়া হাতীকো সুৰক্ষা দিব পৰা নাই । প্ৰণিধানযোগ্য যে, চলিত বৰ্ষত শোণিতপুৰ জিলাত বনৰীয়া হাতীৰ আক্ৰমণত চাৰিজন লোকৰ মৃত্যু হোৱাৰ সমান্তৰালভাৱে পাঁচটাকৈ বনৰীয়া হাতীৰো মৃত্যু ঘটিছে ।
লগতে পঢ়ক : Wild elephant died: পুনৰ ৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু বনৰীয়া হাতীৰ